কোকৰাঝাৰত আকৌ কোৰোনাত আক্ৰান্ত দুজনে হেৰুৱালে প্ৰাণ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰত কোৰোনাত আক্ৰান্ত হৈ সোমবাৰে পুনৰ দুগৰাকী লোকৰ মৃত্যু হোৱাত কোভিড ১৯ত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লোকৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি পালে । সোমবাৰে কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোক দুজন ক্ৰমে- তিতাগুৰীৰ অজয় ৰায় (৫৭) আৰু কোকৰাঝাৰৰ শংকৰ বিশ্বাস।

দুয়োগৰাকী ৰোগী বৰপেটাস্থিত ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ আৰু হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যুবৰণ কৰে । প্ৰণিধানযোগ্য যে, কোকৰাঝাৰত বৰ্তমানলৈকে ৩১৭২ জন ব্যাক্তি কোৰোনাত আক্ৰান্ত হৈছে আৰু ইয়াৰে ২৩ গৰাকী লোকৰ মৃত্যু হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in