Published on:
Updated on:
- কোকৰাঝাৰত দণ্ডাধীশক আৰক্ষী অধীক্ষকে প্ৰহাৰ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি দিছপুৰত হাহাকাৰ।
- ঘটনাৰ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
- নামনি অসমৰ আয়ুক্ত মিনাক্ষী সুন্দৰমে চলাব এই তদন্ত।
- ২৫ ছেপ্তেম্বৰৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব তদন্তকাৰী বিষয়াই।
- তদুপৰি কোকৰাঝাৰৰ গৌৰাং ভেলী হোটেলত সংঘটিত ঘটনাৰ সময়ত উপস্থিত শীৰ্ষ পদাধিকাৰী সকলৰ ভূমিকাৰ সন্দৰ্ভতো প্ৰতিবেদন বিচাৰিছে মুখ্যমন্ত্ৰীয়ে।
- ইফালে এ চি এছ বিষয়া এগৰাকীক এনেদৰে প্ৰহাৰ কৰা ঘটনাই অসম প্ৰশাসনীয় সেৱাৰ বিষয়াসকলৰ মাজত সৃষ্টি কৰিছে আলোড়নৰ।
- সন্ধিয়া ৬ বজাত খানাপাৰাস্থিত প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সভাগৃহত এ চি এছ বিষয়া সন্থাৰ জৰুৰী সভাৰ আহ্বান কৰা হৈছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in