Advertisment

কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ২৪০ গৰাকী হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ…

কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ২৪০ গৰাকী হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ…

author-image
asomiyapratidin
New Update
কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ২৪০ গৰাকী হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ…

ডিজিটেল সংবাদ, কোকৰাঝাৰ: বিটিআৰ এলেকাৰ টেট উত্তীৰ্ণ ৮৫১ গৰাকী প্ৰাৰ্থীক বিটিচিৰ শিক্ষা বিভাগে নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে ৷ সেই অনুসৰি বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ২৪০ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হয় ৷ বিটিআৰৰ সদৰ কোকৰাঝাৰৰ নিকটবৰ্তী চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানৰৰ জৰিয়তে কোকৰাঝাৰ জিলাৰ ১৪৪ গৰাকী আৰু চিৰাং জিলাৰ ৯৬ গৰাকী হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ৷ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ সমূহ বিতৰণ কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আৰু তেওঁৰ সতীৰ্থ কাৰ্যবাহী সদস্য সকলে ৷

Advertisment

ইফালে, নিযুক্তি পত্ৰ বিতৰণৰ পিচত বিটিচিৰ শিক্ষা বিভাগৰো দায়িত্বত থকা মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে সংবাদমাধ্যমৰ আগত কয় যে- বিটিআৰ অঞ্চলৰ বিভিন্ন মাধ্যমৰ স্কুল বোৰত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নথকাৰ বাবে শিক্ষাদানৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছিল ৷ যাৰ বাবে শিক্ষক নিযুক্তিৰ এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ৷ কোনো ধৰণৰ ধনৰ লেনদেন নোহোৱাকৈ মেধাভিত্তিত শিক্ষক – শিক্ষয়িত্ৰী সকলক নিযুক্তি দিয়া হৈছে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷

বড়োলেণ্ড অঞ্চলত গুণগত শিক্ষক লাগে আৰু শিক্ষা বিভাগটো দুৰ্নীতি মুক্ত হ'ব লাগে বুলি মন্তব্য কৰি লগতে তেওঁ কয় যে- বিগত সময়ছোৱাত ৰাজ্যখনত শিক্ষক নিযুক্ত আৰু স্কুল প্ৰাদেশীকৰণৰ ক্ষেত্ৰত যথেষ্ট খেলিমেলি হৈছিল ৷ কিন্তু যোৱা পাঁচটা বছৰত সৰ্বানন্দ সোণোৱাল আৰু ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি প্ৰায় নাইকিয়া হৈ পৰিছে ৷ বডোলেণ্ডতো নতুন চৰকাৰ অহাৰ পিছত কোনো ধৰণৰ দুৰ্নীতি নকৰাকৈ আৰু উৎকোচ নোলোৱাকৈ সকলো প্ৰাপ্য প্ৰাৰ্থীক নিযুক্তি দিয়া কাৰ্যসূচী আৰম্ভ হৈছে আৰু আগলৈও এই পন্থা অব্যাহত থাকিব বুুুুলি কয় প্ৰমোদ বড়োৱে । আজিৰ সমাজৰ আটাইতকৈ ডাঙৰ বেমাৰটোৱে হল দুৰ্নীতি বুলি মন্তব্য কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে দূৰ্নীতি শিপাৰে সতে উভালি পেলাবলৈ সকলোৰে প্ৰতি আহ্বান জনোৱাৰ লগতে উৎকোচ নিদিবলৈ আৰু উৎকোচ নলবলৈও সকলোৰে প্ৰতি আহ্বান জনাইছে ।

আনহাতে, বিটিচিৰ শিক্ষা সঞ্চালক জ্যোতি প্ৰসাদ ব্ৰহ্মই কাইলৈ বাগছা জিলাৰ ৪২০ গৰাকী আৰু ১৪ আগষ্টত ওদালগুৰি জিলাৰ ১৯১ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক একে প্ৰক্ৰিয়াৰে শিক্ষক নিযুক্তি পত্ৰ দিয়া হ'ব বুলি সদৰি কৰিছে ৷ উল্লেখ্য যে, আজিৰ নিযুক্তি পত্ৰ বিতৰণী অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে নিলৎ স্বৰ্গীয়াৰী , দাওবৈছা বড়ো , অৰূপ কুমাৰ দে , উকিল মুছাহাৰী , ৰঞ্জিত বসুমতাৰী আৰু বিভাগীয় বিষয়া সকল উপস্থিত আছিল ৷