কোকৰাঝাৰত ১০ দিনীয়া কাৰ্যসূচীৰে পিএমইজিপি ইডিপি প্ৰশিক্ষণ শিবিৰ

কোকৰাঝাৰত ১০ দিনীয়া কাৰ্যসূচীৰে পিএমইজিপি ইডিপি প্ৰশিক্ষণ শিবিৰ

author-image
asomiyapratidin
New Update
কোকৰাঝাৰত ১০ দিনীয়া কাৰ্যসূচীৰে পিএমইজিপি ইডিপি প্ৰশিক্ষণ শিবিৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ খণ্ড উন্নয়ন কাৰ্যালয় চৌহদত থকা গ্ৰাম্য স্বৰোজগাৰ প্ৰশিক্ষণ কেন্দ্ৰত শুকুৰবাৰৰ পৰা অনুষ্ঠিত হৈছে ১০ দিনীয়া পিএমইজিপি ইডিপি প্ৰশিক্ষণ শিবিৰ। প্ৰায় শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা উক্ত প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠানত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সাধাৰণ প্ৰৱন্ধক হেমাংগদীপ দাসে।

ইফালে, পিএমইজিপি ঋণৰ জৰিয়তে হিতাধিকাৰীসকলে যিমান উন্নয়ন কৰিব লাগিছিল সিমান উন্নয়ন কৰিবলৈ সক্ষম হোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰি বেংকৰ পৰা লোৱা ঋণ সঠিক উদ্দ্যেশ্যত ব্যৱহাৰ কৰিবলৈ হিতাধিকাৰীসকলক আহ্বান জনায়। সততা, নিষ্ঠা আৰু পৰিশ্ৰমেহে সফলতা কঢ়িয়াই আনিব পাৰে বুলি উল্লেখ কৰি ১০ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ সফলতা কামনা কৰে।

আনহাতে, কোকৰাঝাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠানত গ্ৰাম্য স্ব-ৰোজগাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সঞ্চালক হেমন্ত বড়ো, ফেকাল্টি সম্পত সাহা, এলডিএম গোপীনাথ বসুমতাৰী আদিকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যাক্তিয়ে অংশগ্ৰহণ কৰে।