কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপনঃ পীযুষ হাজৰিকা, দিপলীনা ডেকাৰ অংশগ্ৰহণ…

কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপনঃ পীযুষ হাজৰিকা, দিপলীনা ডেকাৰ অংশগ্ৰহণ…

author-image
asomiyapratidin
New Update
কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপনঃ পীযুষ হাজৰিকা, দিপলীনা ডেকাৰ অংশগ্ৰহণ…

ডিজিটেল সংবাদ গুৱাহাটীঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি কোকৰাঝাৰৰ চালাকাটিত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ৩২ সংখ্যক প্ৰতিস্থা দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । অনুস্থানত মন্ত্ৰীগৰাকীয়ে কোচ ৰাজবংশীসকলৰ চহকী ইতিহাস আৰু সংস্কৃতিৰ বিষয়ে আলোকপাত কৰি মহাৰাজ নৰনাৰায়ণ আৰু বীৰ চিলাৰায়ৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আগবাঢ়ি যাবৰ বাবে সকলোকে আহ্বান জনায় ।

Advertisment

এসময়ৰ বৈষ্ণৱ সংস্কৃতিৰ অন্যতম কেন্দ্ৰ কোচ সাম্ৰাজ্যত মহাপুৰুষ শংকৰদেৱে ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰি ধৰ্ম প্ৰচাৰ আৰু সাহিত্য সৃষ্টি কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা নোপোৱাহেঁতেন হয়তো মহাপুৰুষ জনাৰ কিছু সৃষ্টি আধৰুৱা হৈ থাকিলেহেঁতেন । আনহাতে ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰায়ৰ অবিহনে অসম বুৰঞ্জী কেতিয়াও সম্পূৰ্ণ নহয় বুলি মন্তব্য কৰে ।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে ৰাজ্যখনৰ সকলো জনগোষ্ঠীৰ উন্নয়নৰ বাবে কাম কৰি আছে । "আমাৰ মাজত আজিও কিছু সমস্যা আছে, কিন্তু সুচিন্তিত পৰিকল্পনাৰেহে এনে সমস্যাৰ সমাধানৰ সূত্ৰ বিচাৰিব পৰা যাব" তেওঁ কয় । মন্ত্ৰী হাজৰিকাই আৰু কয় যে, বি জে পি নেতৃত্বাধীন এন ডি এ চৰকাৰখনৰ সদৃচ্ছাৰ বাবেহে ২০২০ চনত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠন কৰি কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰাপ্য অধিকাৰ প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছিল ।

আনহাতে আমাৰ মাজত থকা সমস্যা সমাধানৰ বাবে কৰা আন্দোলনৰ নামত আমি সকলোখিনি স্তব্ধ কৰি দিয়াটো কোনোমতেই সমীচিন নহয় বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । আজিৰ অনুস্থানৰ আৰম্ভণিতে মন্ত্ৰী হাজৰিকাক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা সভাপতি ক্ষীতিশ বৰ্মন আৰু আন বিষয়ববীয়াসকলে সম্বৰ্ধনা জনায় ।

উল্লেখযোগ্য যে, আজিৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ৩২ সংখ্যক প্ৰতিস্থা দিৱসৰ অনুস্থানত মন্ত্ৰীগৰাকীৰ লগতে বিধায়কদ্বয় জয়ন্ত বসুমতাৰী আৰু জিয়ন বসুমতাৰী, কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গোকুল বৰ্মন তথা আন কাৰ্যবাহী সদস্যসকল, কণ্ঠশিল্পী দিপলীনা ডেকা আৰু আন বহুকেইজন ব্যক্তি উপস্থিত আছিল ।