/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/kobita--1.jpg)
( বিশিষ্ট সমাজ বিজ্ঞানী ড০ প্ৰফুল্ল মহন্ত অসমীয়া সমাজ জীৱনৰ স্পন্দন আছিল।জাতীয়তাবাদ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গৱেষণাদগ্ধ কৰ্মৰে সুপৰিচিত লাভ কৰা পণ্ডিত মহন্তই ২ ছেপ্টেম্বৰ ২০২২ ৰ পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতে লিখা একমাত্ৰ কবিতাটো আজিৰ কবিতাৰ শিতানত প্ৰকাশ কৰা হৈছে। এই কবিতাটো ড০ মহন্তই ১৯৬৬ চনত লিখিছিল আৰু কবিতাটো সেই বছৰে আমাৰ প্ৰতিনিধি এপ্ৰিল সংখ্যাত প্ৰকাশ হৈছিল।)
হিমচেঁচা শীতৰ এই সেমেকা ৰাতি,
উৰুখা পঁজাত জুইৰ দাঁতিত বহি
সিহঁতে কলিজা সেকিছে।
অন্তৰত সিহঁতৰ, বন্দী বেদনা,
আৰু চকুত ?
চকুত সেয়া, মৰি মৰি জীয়াই থকাৰ
জীয়া সপোন ।
উৰুখা চালেদি সিহঁতে আকাশলৈ চাইছে,
তৰাবোৰ মুকুতা হৈ কোঁচ ভৰি সৰিছে।
ভোকাতুৰ শিশুৰ কান্দোনে সিহঁতৰ সপোন ভাঙিব পৰা নাই ।
সিহঁতৰ মুখেদি কথা নোলায়,
চিঞৰি চিঞৰি সিহঁত বোবা হৈ গ'ল।
চকুৱেদি চকুপানী নোলায়,
কান্দোতে কান্দোতে চকুপানী শেষ হৈ গ'ল ।
মাথো ৰ'দে পোৰা সিহঁতৰ শৰীৰেদি ঘাম হৈ বিৰিঙে কলিজাৰ ৰঙা তেজ।
পাৰিছানে বন্ধু তুমি,
যুগৰ প্ৰতিনিধি বুলি,
সিহঁতৰ কপালত সন্মানৰ ফোঁট দিব?
কোৱা বন্ধু, পাৰিবা তুমি ?
সিহঁতৰ এলান্ধুকলীয়া সাজযোৰ সলাই দিব।
সিহঁতৰ মুখত ভাষা দিব?
জানা বন্ধু !
যিদিনা সিহঁতে কথা ক'ব,
সেই কথা, জুই হৈ ওলাব,
সেইদিনা তুমি নোৱাৰা সাৰিব।
তুমি মাথোঁ পাৰিবা বন্ধু,
আৱেগত সিহঁতক 'ভাই-ভনী' বুলি,
দুআষাৰ সিহঁতে নুবুজা কথাকৈ,
সান্ত্বনাৰ শান্তি পানী ছটিয়াব।
বুজিছা বন্ধু,
চেতনাৰ দীনতাই কোঙা কৰা,
বহুজন স্বপ্নবিলাসী বুদ্ধিজীৱী ইয়ালৈ আহিছে।
'ভাই-ভনী' বুলি নিচুকনি গীত গাই সকলো গুচি গ'ল।
সিহঁত তাতেই পৰি ৰ'ল।
সৌৱা সিহঁত,
জাৰত এতিয়াও কঁপি আছে।
সেয়ে বন্ধু, মানুহৰ কথা কোৱা,
মানুহৰ গীত গোৱা,
মানুহ শিল্পীক মাতিছো।
তোমাৰ দৰে তেওঁ 'নিচুকনি গীত' গাই দুর্বোধ্য ভাষাৰে কথা কৈ,
বুৰঞ্জীৰ চোঁ ঘৰত আসন নিবিচাৰে।
পাণ্ডিত্যৰ স্বীকৃতিও নিবিচাৰে।
আহা শিল্পী, পলম নকৰিবা ৷
চোৱাহিচোন, স্বপ্নবিলাসী সেই বন্ধুৱে,
ফুট ছাইত ঘিউ ঢালি জুই জ্বলাইছে।
শ্রমিকৰ কলিজা সেকিবলৈ।
শিল্পী তুমি আহি,
সিহঁতৰ ভিতৰৰ শিল্পীটোক জগাই দিয়া।
সিহঁত জাগি উঠক।
স্বপ্নবিলাসী বুদ্ধিজীৱীৰ স্বপ্ন
থানবান হৈ যাওক ।
বুৰঞ্জীৰ চোঁ ঘৰত সঁচা সৰু মানুহৰ
স্থান নাই।
চৰকাৰী মুখপত্ৰতো সিহঁতৰ নাম নাই।
মোৰ এই বন্ধুৰো সিহঁতৰ কথা ভাবিবলৈ সময় নাই।
কোৱা বন্ধু, সিহঁত জানো মানুহ নহয় ?
তোমাৰ দৰে সিহঁতৰো জানো অন্তৰ নাই?
সিহঁতৰ মনৰ মণি কোঠাত
কিহে খেলিমেলি কৰিছে
তাৰ জানো বুজ লৈছা ?
তুমি মাথোঁ পাণ্ডিত্যৰ স্বীকৃতি বিচাৰি
সিহঁতৰ ওচৰলৈ আহিছা ।
তোমাৰ চিকাৰী মনে সিহঁতক,
অস্ত্ৰ হিচাবে বিচাৰিছে ।
বুদ্ধিমান তুমি বন্ধু।
সিহঁত জাগি উঠিলে তোমাৰ সংস্কৃতিৰ মুখা সুলকি পৰিব।
সেয়ে তুমি সিহঁতক 'নিচুকনি গীত' গাই
শুৱাব খুজিছা ।
শিল্পী নকৰা পলম
উপযুক্ত সময় এয়ে।
বুৰঞ্জীৰ চোঁ ঘৰত তুমি কাক বিচাৰিছা ?
তোমাৰ জনতাৰ স্থান তাত নাই।
নিচুকনি গীত গাই
স্বপ্নবিলাসীহঁতে সৰু সৰু মানুহৰ কণ কণ হাঁহিবোৰ
কাঢ়ি নিলে।
সিহঁতৰ সঁচা হাঁহিবোৰ কাঢ়ি নি,
মহামানৱৰ ঐতিহ্যৰে ভৰা আমাৰ
বুৰঞ্জীৰ চোঁ ঘৰত স্বপ্নবিলাসীয়ে আসন পাতি বহিছে।
শিল্পী তুমি তালৈ নাযাবা ।
তোমাৰ সঁচা সৰু মানুহৰ মাজলৈ আহা
সিহঁতৰ ভিতৰৰ শিল্পী সৈনিকটোৰ কঁকালত
টঙালি বান্ধি দিয়াহি।
দুদিন পিছত কি দেখিবা জানা ?
সংস্কৃতিৰ মিছা উপাসকে নিজৰূপ ধাৰণ কৰিছে।
নিচুকনি গীত গোৱা মুখাধাৰীৰ মুখা সুলকি পৰিছে।
আৰু দেখিবা,
তোমাৰ সঁচা সৰু মানুহে,
কলিজাৰ তেজেৰে
ইতিতহাস ৰচিছে
এখন নতুন ইতিহাস