কবিতা ৩২/ মোৰ চহৰখনত যেতিয়া জুই লাগে

কবিতা ৩২/ মোৰ চহৰখনত যেতিয়া জুই লাগে

author-image
asomiyapratidin
New Update
কবিতা ৫/ সাংবাদিকবোৰ মৰাৰ যোগ্য

প্ৰশান্ত কুমাৰ বৰুৱা

Advertisment

মোৰ চহৰখনত যেতিয়া জুই লাগে

মই চহৰৰ বাহিৰলৈ দৌৰ মাৰো তেতিয়া

চহৰ প্ৰান্ত পাওতেই দেখো ভিৰত পদপিষ্ট হৈ পৰিছে মানুহ

শৱদেহ গচকি মই গুচি যাও

নিৰাপদ এডোখৰ ঠাই বিচাৰি

কাষৰ ঘৰৰ ল'ৰাজন মোতকৈ আগতেই দৌৰি ওলাই যায়

আস! কেনেকৈ !

কেনেকৈ আগতেই তেঁও ওলাই আহিল অগ্নিপিণ্ড চহৰৰ পৰা

ধুমুহাই ভাঙি নেপেলোৱালৈকে

কোনোৱেই এৰিব বিচৰা নাছিলো নিজৰ ঘৰখন

জুয়ে ছাই কৰোতেও ঘৰৰ বাহিৰতে ৰৈ আছিলো

দীঘল শিপা গজা এজোপা গছৰ দৰে

কোনটো কাৰ উপাসনা গৃহ কোনে চিনে!

কোনটো কাৰ টঙী ঘৰ !

কিহৰ বৰণ উৰি আহে বতাহত

ৰামেধেনু বৰণীয়া সময়বোৰ কৰি পেলায় কষ্ণকায়

মোৰ চহৰখনত যেতিয়া জুই লাগে

মই উন্মাদ হৈ পৰো

চিনি নাপাও কোনটো কাৰ ভষ্ম শৰীৰ

আমি পুতলাবোৰ পুৰি ছাই হৈ যাও

ছাই হৈ যায় পুতলা নাচৰ নাটঘৰ

আঁৰকাপোৰ লৈ দৌৰি গুছি যায় বাজিকৰ

ৰামেধনু বৰণীয়া সময়বোৰ কৰি পেলায় তামবৰণীয়া

মোৰ চহৰখনত যেতিয়া জুই লাগে

ছাই হৈ নোযোৱালৈকে ৰৈ থাকো

আন এজন বাজিকৰৰ আগমনৰ বাবে

সখী কোনেও নাজানো আমি…

কিমান চামনি পৰে বেদুইন সময়ৰ সীমনাত !

এই সময়ৰ আস্তাবলত ৰৈ থাকো মই

জুয়ে পোৰা মোৰ চহৰৰ বেহেলাবোৰ আকৌ বাজিব…

assam poet poem