নিতুল কুমাৰ দত্ত
মানুহ গ্যালখান নদীটুৰ দৰে
ধুমুৰ উইঠলি আকো নাচোয়
যিংকে সিংকে আউগে যায়
মনোত আছেনা ব্ৰিটিছৰ দিনোৰ কথা
কনকলতাৰ হাতোৰ পাই পাগলাৰ পাৰোৰ মুকুন্দোয়ে পতাকাখান পইৰবা নেদলাক মাটিত
দেশৰ কথা অ'ল্লি মানুহগ্যালাখানৰ মাথা ঠিকে নাথকে
অকৰা মৈত উঠে
তিৰাছী উনাশীৰ কথাই বুকুখান পুৰে
সিংকে চলি আছে মানুহ গ্যালখান
বাইৰহা ভৰে
খলনি শুকোই নোদীটুৰ দৰে
সুখ দুখ
খাবা প নাপক লৈ বেছি হিচাপ নকৰে
সময় পালি ফূৰ্তি তামচাও কৰে
এৰে মহানন্দোই অভিনয় কৈচ্ছিল কাবুলীৱালা
নাটক লেখি কোন্দেছিল ভৱেন বৌৰাই
ৰঘুনাথে কবিতা ৰোচি মানুহক বনেলাক গোলাপ
কবিতাৰ কাৰণে হৰে থাকিল কবিকণ্ঠ অৱনী
কুনিও নাভাবা কথা ভাবা মানুহো আছে এতে
যেইতে আপিচোলিক ভাত ৰন্ধাৰ বাবে ভাইৱছিল
ইস্কুল খুইলছিল এম এন চিয়ে
সেনাহান বহুত কথাই আছে
এতে বুলে সংস্কৃতোৰো বাট বোইছিল
মানুহই কৈচ্ছিল কাইথেলী অংক
কিমানোৰ কথা কম
কিছু কলু
বহুখিনি পাহাৰল্লু
দত্তবৌৰা, ত্ৰৈলোক্য, শশীকান্ত
সকলে আকোডাল গাছ
ছায়াত জিৰাও আমি
কুনবাই কৈইলজাটু শিলোৰ বুলি কোলেও
মৰম কেইৰবা জানে এতে
বিষ্ণুৰাভাই লুকাবা পাইচ্ছিল আকদিন নিৰ্বিঘ্নে
আইভোচুন কেইত্তাবা
চাই যাবো পাগলাৰ পাৰ
লৈ যাবো
আক ভাখৰি মৰম