কবিতা ৯৭/ মোক মোৰ সকলো ঘূৰাই দিয়া

কবিতা ৯৭/ মোক মোৰ সকলো ঘূৰাই দিয়া

- কেশৱ চাউ

মোক মোৰ চকুদুটা ঘূৰাই দিয়া

যি দুটা চকুৰে মই দেখা পাওঁ সোণালী শস্যৰ পতাকা

মোৰ ভঁৰালৰ ধান

মোৰ প্ৰেয়সীৰ চকুহাল

মোক মোৰ মাটি ঘূৰাই দিয়া

য'ত মই খেলিছিলোঁ

য'ত মই হাঁহিছিলোঁ

য'ত মই কান্দিছিলোঁ

মোক লৈ যোৱা সোণালী ঘৰখনলে’

জন্মান্তৰে য'ত মই আছিলোঁ

য'ত কটাইছিলোঁ মোৰ দিন-ৰাতি বিপ্লৱৰ বাসনাৰে

য'ত মই লিখিছিলোঁ পাহাৰীয়া কবিতা

য'ত মই আওৰাইছিলোঁ পৰিৱৰ্তনৰ নেওতা

য'ত মই আঁকিছিলো মেঘৰ নক্সা

ধোঁৱাৰ সাগৰত ডুবি থকা

মোক মোৰ সকলো ঘূৰাই দিয়া

যিবোৰ কাঢ়ি তুমি আজি পদুলিত হাতী বান্ধিছা

যিবোৰ কাঢ়ি তুমি আজি চেলেব্ৰেটী হৈছা

মোক মোৰ বাক্ স্বাধীনতা ঘূৰাই দিয়া

ঘূৰাই দিয়া মোৰ বুকুৰ দেশখনক

মাজৰাতিয়েই সূৰ্য ওলোৱা দেখা পাওঁ য’ত

মোক মোৰ সকলো ঘূৰাই দিয়া

মোক মোৰ সোণালী সময়খিনি ঘূৰাই দিয়া।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in