/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/ff42ca67-643d-4009-8840-040322ad7763/KOBITA.jpeg)
- ৰুদ্ৰ সিংহ মটক
জীৱন আৰু শান্তিৰ বাবেহে প্ৰয়োজন
যুদ্ধৰ
প্ৰয়োজন সভ্যতাৰ ৰূপান্তৰৰ বাবেহে
মৃত্যু বা অন্তহীন ধ্বংসৰ বাবে নহয় কাহানিও
অথচ দেশে-দেশে আকৌ যুদ্ধৰ হুঙ্কাৰ
নে যুদ্ধতকৈয়ো ভয়াবহ, অন্য এক মহাযুদ্ধৰ
অন্তহীন বিভীষিকাৰ অশনি সংকেত ?
প্ৰথম বিশ্বযুদ্ধত আহত মই এজন দু:সাহসী সৈনিক
দ্বিতীয় বিশ্বযুদ্ধত শত্ৰপক্ষৰ গুলীত নিহত এজন দুৰ্ধৰ্ষ যোদ্ধা,
কাক কওঁ স্বদেশৰ প্ৰথমটো দু:সাহসী ব্ৰিগেডৰ ময়ে আছিলো
লেফটেনেন্ট জেনেৰেল
গিৰিখাদৰ আঁৰ লৈ কেইবাশ শত্ৰুক ৰাইফলেৰে
ধৰাশায়ী কৰাৰ পিছত হঠাতে ভাগি পৰিছিলো এদিন
দুচকুত ভাহি উঠিছিল পোনাকণৰ মুখখন
চকুলোত ওপঙা প্ৰিয় পত্নীৰ জলপদুম যেন কাতৰ চকুহাল
শুনিছিলো থোকা-থুকি আইৰ ওঁঠৰ প্ৰাৰ্থনাৰ টুটি অহা স্বৰ
আজি আকৌ আতংকিত –
আই, বুকুখন মোৰ বৰকৈ হমহমাইছে
নে গুমগুমাই উঠিছে হেজাৰ যোদ্ধাৰ জ্বলি উঠা চিতা
আমি আজিও নাজানো কেতিয়াৰপৰা মানুহ মানুহৰ শতৰু হ’ল
কেতিয়াৰ পৰা শতৰুহঁত বেলিহীন নৰকৰ চয়তান হ’ল
নেজানো কেতিয়াৰপৰা দেশপ্ৰেম বা ভূগোলৰ সীমাবোৰ
মানবতা আৰু আন্তৰ্জাতিকতাবোধক ডোখৰ ডোখৰ কৰা আকাশলঙ্ঘী
প্ৰাচীৰ হ’ল
অৰ্থলোলুপ আধুনিক সূৰ্যই বাট হেৰুৱালে
বাঢ়ি অহা অস্ত্ৰ আৰু অহংকাৰৰ শিলীভূত অন্ধকাৰত
হেৰুৱালে বিবেক আৰু বিজ্ঞানৰ উজ্বল সত্য
মানবতাক বাৰে বাৰে ক্ষমতাৰ ভৰিৰে গছকি
মহাদেশবোৰ সাম্ৰাজ্যবাদী ছুপাৰপাৱাৰ হ’ল
বঙহৰ বুকুৰ মঙহৰ জুতি লোৱা আদিম ড্ৰেগন হ’ল,
নে হাঁহি হাঁহি বিভীষিকা সৃষ্টি কৰিব পৰা
ছদ্মবেশী সভ্যতাৰ কদাকাৰ ফ্ৰাংকেনষ্টাইন !
কান তাল মৰা ৰণদুন্দুভি আৰু কিমান শুনিম?
মৃত জোন জ্বলি যোৱা তীখা আৰু অস্থিভষ্ম
নিনাও শ্মশানৰ ছায়া আৰু কিমান আঁকিম কঁপি থকা
চকুৰ মণিত ?
আচলতে কোনো কাৰ শত্ৰু কিয় বাৰে বাৰে এই
যুদ্ধৰ জুৱাখেল মৃত্যু আৰু ধ্বংসৰ মহাধেমালি
দানৱৰ দৰে কিয় এই বাঢ়ি অহা জিঘাংসা
দুৰ্যোধন-শকুনি হঁতৰ কিয় এই লেলিহান
ৰক্ততৃষ্ণা ?
আমি আগলৈ গৈ আছো নে ক্ৰমে পিছলৈ গৈ আছোঁ
নক্ষত্ৰহীন আকাশহীন অতল অন্ধকাৰৰ ফালে...?
জানো মই
মানুহ আজি মানুহ হৈ থকা নাই—সকলোবোৰ জল্লাদ
জানো, মোৰ মানুহৰ নতুন পৃথিৱী মানবতন্ত্ৰৰ সপোন
দিঠক নহ’ব আৰু কোনো দিন ,মানুহ নামৰ ছদ্মবেশী এই উন্মাদ
যুদ্ধবাজহঁতৰ বাবেই
আস্ কি ট্ৰেজিক সভ্যতা নামৰ ছুপাৰ-হিট্ নাটকৰ
গৰ্ভাংক !
কলিজা কঁপি উঠা কি নিৰ্মম, কি অবিশ্বাস্য
আঁৰপটৰ আঁৰৰ এই অসম্ভৱ নিয়তি!
হাইড্ৰজেন বোমা আৰু হাইপাৰছনিক মিছাইলৰ
তেজস্ক্ৰিয় শিকলিৰে হাতে-ভৰিয়ে বন্ধা মোৰ পোনাকণ
প্ৰিয় পত্নী, আৰু
মোৰ বুকুৰ সহজ প্ৰেমৰ ৰ’দবুলীয়া মানুহবোৰ
জোনাকৰ স্থাপত্য যেন সেউজীয়া অৰণ্যবোৰ পিঠিত লৈ ফুৰা
অভিমানী পাহাৰবোৰ
কোনজন ঈশ্বৰে জানে আমি কোন মুহূৰ্তত
ধানখেৰৰ দৰে জাহ যাম পাৰমাণৱিক
চিতাজুইত?