কবিতা ৯৪/ আমাক পাহৰি গ'ল

author-image
Asomiya Pratidin
New Update
কবিতা ৯৪/ আমাক পাহৰি গ'ল

- অঞ্জনজ্যোতি শৰ্মা

আনদিনাৰ দৰে সেইদিনাও ওলাই

গৈছিলো নিজৰ গন্তব্য স্থানলৈ,

আনদিনাৰ দৰে সেইদিনাও

সময়তে উদয় হৈছিল বেলি,

কিন্তু জনা নাছিলো যে

এইটোৱেই হব মোৰ জীৱনৰ অন্তিম দিন।

নিজৰ প্ৰতিষ্ঠানখন খুলিছিলো হে

হঠাৎ প্ৰচণ্ড শব্দ, চাৰিওদিশে

ধুৱলি কুৱলি পৰিৱেশ,

কেৱল চিৎকাৰ-আৰ্তনাদ

ঠায়ে ঠায়ে আধা পোৰা মানৱ শৰীৰ।

এম্বুলেঞ্চ, ফায়াৰ বাহনৰ চাইৰেণ শুনি

নিজৰ শৰীৰটোলৈ চালো,

মুখমণ্ডলৰ বাহিৰে সম্পূৰ্ণ জাহ গৈছিল।

স্থানটো চাই অনুমান কৰিছিলো যে

ম‌ই পৰি ৰৈছো মোৰ প্ৰতিষ্ঠানৰ পৰা

কেইবা মিটাৰ দূৰৈত ছিটিকি।

চকু মুদাৰ আগত দেখিছিলো

মোৰ দেহত নাই ভৰি,

নাই এখন হাত

আছে মাথো সন্মুখত

আন কাৰোৱাৰ তেজে ধোৱা গা।

assamese poem