কবিতা ৮৬/ এক সৈনিকৰ ভাষা

কবিতা ৮৬/ এক সৈনিকৰ ভাষা

- আব্দুৰ ৰহমান প্ৰামাণিক

বহুতে কিন্তু যুদ্ধ বিচাৰে

মই কিন্তু প্ৰেমকহে বুজো,

কিছুমানে কেচা তেজৰ গোন্ধ লয়

মই শান্তিৰ বতাহ খোজো ।

মই যুদ্ধ দেখিছো শান্তি দেখা নাই ।

যুদ্ধৰ শেষত ৰণ ভূমিত মানুহ দেখা নাই ।

মই চিঞৰ শুনিছো, দেখিছো আতংকিত মন ।

সান্ত্বনাৰ বাণী শুনিছো, হেৰুৱাইছো বুকুৰ ধন ।

মৃত্যুৰ কিৰিলি উঠিছে, বৈছে তেজৰ নৈ ।

শ শ শত্ৰু ছানি ধৰিছে ৰক্তপিপাসু হৈ ।

শান্তি নাই প্ৰেম নাই কেৱল জুই প্ৰতিশোধৰ

সেই মাটিতে বাগৰি পৰি ইতি পৰি জীৱনৰ ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in