কবিতা ৮৪/ প্ৰেমিক চৰাই মই

author-image
Asomiya Pratidin
New Update
কবিতা ৮৪/ প্ৰেমিক চৰাই মই

- হাইছ উদ্দিন আহমেদ

তুমি যিদিনা মোক এৰি

আনৰ লগত হাঁহি আনন্দত আছিলা

মই ভাবিলোঁ,মোৰেই কিবা কমি আছিল।

প্ৰেম এনেকুৱাই, কোন কাৰ ভাগ্যত আছে

সকলো স্ৰষ্টাৰ ইচ্ছা মতেই হয় চাগে !

মই অকলশৰীয়া আছিলোঁ, এয়াই মোৰ ভাগ্য আছিল।

সময়বোৰে কেতিয়াবা বহুত আঘাত দিয়ে

যাক আপোন বুলি ভবা হয়

সিয়েই কেতিয়াবা চকুলো দিয়ে

কেনেকৈ হ'ল ? সপোন সজোৱা আছিল

ধ্বংস প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিবলৈ

উঠি পৰি লাগিছিলোঁ

মই কেতিয়াবা প্ৰেয়সী লৈ বহুতো লিখা শব্দ

কিতাপখনৰ পাতত এনেকৈয়ে পৰি আছিল।

ভাল লগা আবেলিৰ বৰষুণ এতিয়াও দেখোঁ

মাজে মাজে বৰষুণজাকৰ সৈতে কথা পাতো

জোকাৰী যোৱা শব্দবোৰ হৃদয়ৰ একোণত আছিল

কিমান যে উৰি ফুৰিবলৈ মন যায়, সেই সময়ত

ভাল লাগিছিল,পথাৰত অতিবাহিত কৰা সময়বোৰ

সব নীৰৱ হৈ পৰিল, মই আৰু মোৰ চকু চাই আছিল

দূৰৰ পৰা দৃশ্যসমূহ অবাস্তৱ নাছিল

চকুলো টুকি হঠাতে একো নাই বুলি

মই হাঁহি এটা মাৰি মানৰ পৰা আশীৰ্বাদ আছিল।

যোৱা তোমাক ৰখাবলৈ মোৰ শক্তি নাই

সঁচা প্ৰেমৰ মূল্য কিমান এনে বুজি পায়

সময়বোৰ কটাবলৈ আহে যে কোনোবাই

এনেকুৱা ভাব মোৰ মনত আছিল

সেই সকলোবোৰ প্ৰেমিক মোৰ দৰেই আছিল

বহুতবাৰ ভালপোৱা ত্যাগ কৰি, হাঁহি আছিল

এতিয়া মোৰ দৰেই সিহঁতো বাটৰ পাগল আছিল ।

assamese poem