/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/fbc5224f-3760-45be-b334-e1caeca1d86b/KOBITA.jpeg)
- পাৰ্থ প্ৰতীম বৰুৱা
বিদ্যা শপত...
মানুহবোৰ বহুত মিছলীয়া জানা...
সকলোৱেই কয় বৰষুণে হেনো সকলোবোৰ ধুই নিয়ে...
কিন্তু বৰষুণে দেখোন সজীৱহে কৰে...
কলেজীয়া দিনৰ আমাৰ সেই ৰসাল কথাবোৰ...
কলেজৰ ক্লাছ খতি কৰি যে
আমি দুয়োটাই তিতিছিলো বৰষুণত...
কলহৰ কাণে ঢলা বৰষুণজাকত দুৰন্ত ঘোঁৰাৰ দৰেই দৌৰিছিল মোৰ বাইকখন...
কাৰণ সহযাত্রী আছিলা তুমি...
তোমাৰ বুকুৰ পৰশ লাগি বৰষুণৰ শীতলতাতো ঘৰ্মাক্ত হৈ পৰিছিল মোৰ শৰীৰ...
তোমাৰ লিহিৰি আঙুলিৰ ফাঁকত সোমাই গৈছিল মোৰ আঙুলিবোৰ...
এতিয়াও কানত বাজি উঠে মোৰ তোমাৰ সেই ঘন উশাহৰ শব্দবোৰ...
বিদ্যা শপত !
বৰষুণত তিতি আহোতে তুমি মচিবলৈ দিয়া ৰুমালখনৰ গোন্ধটো এতিয়াও মোৰ নাকত লাগিয়েই আছে...
আজিও অনুভৱ কৰো তোমাৰ সেই কোমল হাতৰ স্পৰ্শ...
কোনে কয় বৰষুণত মাটি গোন্ধায় ?
প্ৰতিজাক বৰষুণে এতিয়াও মোক দি যায় তোমাৰ সেই সুঘ্ৰাণ...
বিদ্যা শপত !
ক্ৰমাৎ চন পৰিবলৈ ধৰা আমাৰ ভালপোৱাৰ পথাৰখনত
বৰষুণে চহ কৰি যায়...
দি যায়,
নষ্টালজিয়া...
বিদ্যা শপত !
মানুহবোৰ বহুত মিছলীয়া জানা !