
- গীৰেন গোপ
ডাক্তৰ ইঞ্জিনীয়াৰ শচীন শ্বাহৰুখ
জীৱনৰ কিমান যে লক্ষ্য
বয়স সলনি হয় চেহেৰা সলনি হয় বন্ধু সলনি হয়
প্ৰেমিকাৰ মন সলনি হয় ৰাস্তাৰ নাম সলনি হয়
সলনি হয় দেশৰ নাম মাটিৰ মালিকানা সলনি হয়
নদীৰ গতি সলনি হয় সম্পৰ্ক সলনি হয়
সময়ৰ স’তে সলনি হয় জীৱনৰ লক্ষ্য
‘এইম ইন ইয়াৰ লাইফ’ত কি লিখিছিলো মনত নাই
হয়তোবা বিজ্ঞানী শিক্ষক ডাক্তৰ গাড়ীচালক বাঁহীবাদক
অন্তত: মন্ত্ৰী হোৱাৰ কথা যে লিখা নাছিলো সেয়া ঠিক
প্ৰিয় মূৰ্খ ৰাইজ, মোক এবাৰ মন্ত্ৰী হ’ব দিয়কনা
মই মন্ত্ৰী হ’ব বিচাৰিছো
আই এ এছ, আই পি এছ অফিচাৰক লোকালয়ত গালি দি আপোনালোকৰ প্ৰিয় হ’ম
ৰাতিৰ এন্ধাৰত কমিছন লৈ অফিচাৰৰ প্ৰিয় হ’ম
বানপানীত দেশ উটি গ’লেও আই লখিমীৰ ঠিকনা হ’ব মোৰেই ঘৰ
খৰাঙত মাটি ফাটি গ’লেও আই লখিমীৰ ঠিকনা..
হয় ৰাইজ মোক এবাৰ মন্ত্ৰী হ’ব দিয়কনা
দুখবোৰ আঁতৰি যাব অভাৱবোৰ উৰি যাব
সুখৰ সাগৰত ভাহি থাকিম মই আজীৱন
আপোনালোকে পানী নাপালেও নদীয়ে গতি সলাই
মোৰ চোতাল পাবহি পানী লৈ আপোনালোক এন্ধাৰত
ডুবি থাকিলেও মোহনীয় পোহৰৰ দীপান্বিতা হ’ব
মোৰ ঘৰত প্ৰতি নিশাই
মোক বাট এৰি দি গৰ্ভৱতী নাৰীয়ে ৰাজপথতে প্ৰসৱ কৰিব সন্তান
চাইৰেনৰ শব্দত কান্দোন পাহৰি নাচি উঠিব নৱজাতক
মালীৰ যত্নত ফুলি উঠা ফুলৰ সুগন্ধি লৈ
গৰ্বিত ভংগীত ক’ম – ফুল মোৰ ভীষণ প্ৰিয়।
কথা দিছো ৰাইজ, মন্ত্ৰী হ’লে দালালি এৰি দি দালাল এপইন্টমেন্ট দিম
বিলাসী গাড়ী সুসজ্জিত অট্টালিকা চিপাহী-চন্তৰীৰে মোৰ
ৰাজকীয় ভোগবিলাস দেখি আপোনালোকে
পাহৰি থাকিব ভোক-পিয়াহ সাত দিনৰ মূৰত মোক লগ পালে
গহীন-গম্ভীৰ স্বৰে ক’ম – হৈ যাব, কৈ দিম, কৰি দিম, চাম বাৰু...
অৱশ্যে ধনৰ টোপোলা লগত আনিলে আপোনাক
ভিতৰলৈ মানি নি চাহ কাপ খুৱাব পাৰো
মন্ত্ৰী হ’লে ক’লা কাপোৰ এৰি বগা কাপোৰ পিন্ধিম
যদিও মোৰ মনৰ ৰং সলনি নকৰোঁ
মন্দিৰ মছজিদ গিৰ্জালৈ গৈ মনে মনে প্ৰাৰ্থনা কৰিম
ঈশ্বৰে যেন আপোনালোকক সদায় মূৰ্খ কৰি ৰাখে
দেশী বিদেশী ধনকুবেৰৰ লগত
বিলাসী হোটেলত পাৰ্টী কৰি দেশ বিত্ৰী কৰিম
সংবাদমেল পাতি আপোনালোকক উপদেশ দিম
আমাৰ মানুহবোৰ কৰ্মবিমুখ, জোনাকী পৰুৱা আমাক নালাগে
ফ্লাডলাইটৰ তলত কম কাপোৰত নাচিলে
মানুহ সুখী হয়, দীৰ্ঘজীৱী হয়
ই ভি এমত মোৰ নামত বুটামটো এবাৰ টিপি দিলে
এনে কিনো ক্ষতি হ’ব আপোনালোকৰ
পাঁচ দিনৰ হাজিৰা একেলগে দিম
বিলাতী মদ চাকৰিৰ প্ৰতিশ্ৰুতি আৰু বহু কিবাকিবি ফ্ৰীতে পাব
কোনোবাই কয় ‘ৰাজনীতিজ্ঞ হোতে যোগ্যতা লাগেনা’
বেছ ভাল কথা, আৰুনো দেৰি কিহৰ
অনুগ্ৰহ কৰি মোক এবাৰ মন্ত্ৰী হ’ব দিয়কনা
দুখবোৰ আঁতৰি যাব অভাৱবোৰ উৰি যাব
সুখৰ বন্যাত ভাহি থাকিম মই আজীৱন
হয়, মই মন্ত্ৰী হ’ব বিচাৰিছো।
বি: দ্ৰ: - প্ৰিয় ৰাইজ, মূৰ্খ বাবেই আপোনালোক মোৰ প্ৰিয়। আপোনালোক মূৰ্খ নহ’লে মই মন্ত্ৰী হওঁনো কেনেকৈ!