কবিতা ৭৮/ নষ্ট ৰাতিৰ উশাহ

author-image
Asomiya Pratidin
New Update
কবিতা ৭৮/ নষ্ট ৰাতিৰ উশাহ

- জয়দীপ নাৰায়ণ দেৱ

Advertisment

যোৱাবেলি মই হাল বাই থাকোঁতে

মোৰ কান্ধত এটা চৰাই আহি বহিছিল,

মোৰ নাঙলত লগা চিয়াঁহীৰ ৰং আৰু

গৰুটোৰ কান্ধত হোৱা ঘাঁ একেই বুলি কৈছিল ।

চৰাইটো গধূলি ঘৰলৈ আহিছিল,

মোৰে কান্ধত বহি ।

আৰু কৈছিল,মোৰ কোঠাৰ লন্ঠনৰ জুইৰ দাগবোৰে

ৰাতি দেৱাল বগাই সাধু কয় ।

ভিয়েটনামত এটা কবিতা মৰিছিল বোলে,

মৰা-শʼটো কবৰ দিওঁতে

পথালিকৈ এক বেগেত বাঢ়ি গৈছিল ।

পিছৰ বছৰ বৰষুণত ভাহিঁ গৈছিল কবৰ ।

আখলত কৈছিল,

মোৰ পথাৰৰ কাষৰ আলিটোৰ কথা ।

কিদৰে নাকৰ পোনে পোনে খোজ দিলে

এৰাতিৰ পাছত তেহৰান পায়গৈ ।

মেটমৰা এন্ধাৰত চৰাইটোৱে

খুটিয়াই চাইছিল ৰাজহাড়,

আৰু কৈছিল ৰাজহাড় নথকা

মানুহবোৰ মোৰ প্ৰিয় ।

পুৱতি নিশা শেষবাৰ মাত লগাইছিল চৰাইটোৱে,

কৈছিল, তোৰ ছাঁটো মৰি গৈছে,

ত‌ই শুই থাক, ত‌ই মৰিলে আকৌ আহিম ।

যোৱা ৰাতি বৰনৈ পাৰ হৈ ছাঁ এটা আহিছিল,

দীঘল খোজ, বাটত জিৰাঁই চুৰট ধৰাইছিল ।

মই ধৰা জুইকুৰাত ভৰি দুখন গুজি দিছিল,

কৈছিল মৰাশত এবাৰেই জুই ধৰে ।

জপনামুখৰ ফুলজোপা জুইকুৰাতে জাপি দিছিল ।

মৃতকৰ ঘৰলৈ মৃতক আহে, জীয়া ফুলৰ কি কাম ?

ৰাজহাড় খুটিয়াই যোৱা চৰাইটোৰ ঠোটঁৰ তেজ

ছাঁটোই বিচাৰি ফুৰিছিল,

তেহৰাণৰ পৰা এদিন এৰাতিৰ বাট ।

মোৰ গাৰ কেচেমা কেচেম গোন্ধ, শেলুৱৈ ধৰা চকু,

পানীয়ে খোৱা মোৰ ছাল ।

ঠিক এনেকুৱাই মৰাশ এটাৰ কথা কৈ পঠিয়াইছিল চৰাইটোৱে ।

ছাঁটোও ৰাতিপুৱা গুছি গʼল,

গাঁৱত মেল বহিল, বুঢ়া-মেথাই কʼলে

"মৃতকৰ ঘৰলৈ মৃতক আহে, জীয়া ফুলৰ কি কাম ?"

assamese poem