কবিতা ৭৬/ সাম্প্ৰদায়িকতা

author-image
Asomiya Pratidin
New Update
কবিতা ৭৬/ সাম্প্ৰদায়িকতা

- বাহাৰুল ইছলাম

ধৰিত্ৰীৰ সিৰা উপ-সিৰা আৱৰি আছে

কলুষিত কৰে হৰষিত মনক

সানে নিৰস ৰসাল কথাত

পৰিপন্থী মানৱতাৰ

লগায় খৰিয়াল সাউৎকৰে।

চিৰ বৈৰী বিনন্দীয়া জগতৰ

য'তে যায় শোকে পোখালি মেলে

তমোময় কৰে তমস্কাৰ জীৱনক

হত্যা,বিদ্বেষ,বিনাশ কিম্বা অশান্তি

প্ৰতিনিত লগৰী।

শংকা আনে আটোম-টোকাৰি সমাজত

সৱালৈ মেলে খাণ্ডৱদাহৰ জাল

মেৰপাকত ভৰাই থবলৈ

যুগে যুগে ৰোপন কৰে বিভেদৰ বীজ।

সম্প্ৰীতি বিনষ্ট কৰিবলৈ

ভ্ৰমি ফুৰে জগতৰ চুকে-কোণে

আপ্ৰাণ প্ৰয়াস কৰে নিতৌ

বাতৰি কাকতৰ শিৰোনাম দখল কৰিবলৈ

উমলি-যুমলি ফুৰে

মনুষ্য জাতিৰ কলংকৰ সাজ পৰিধান কৰি,

হয়তো যন্ত্রণাই তাৰ অলংকাৰ

মায়াহীন কিম্বা ক্লান্তিহীন তাৰ প্ৰকৃতি।

বিচাৰে বোমা বাৰুদৰ খেল

য'ত দূৰ্গন্ধই সিঁচিব বিফলতাৰ বীজ

আদৰে অমাৱস্যাক

জ্যোতিক কবৰস্থ কৰি।

কিমান আৰু কৰা তোলপাৰ

অভাব হ'ব দৰ্শকৰো

উপভোগ কৰিবলৈ

আমনি নকৰেনে বয়সে?

মানৱতাৰ মৃত্যু হ'লে

কোনে কৰিব ৰাজত্ব?

মানুহ যদি হয় মানুহৰ চিৰ বৈৰী

গুচাব কোনে ৰুগ্নতাৰ আঁচোৰ?

কাক লৈ দেখিব ভৱিষ্যতৰ সপোন

আলসুৱা বসুন্ধৰাই?

assamese poem