কবিতা ৭৩/ শেৱালি

কবিতা ৭৩/ শেৱালি

- দুলাল বৰা

নদীৰ পাৰৰ কঁহুৱাবোৰ

মলয়া জাকৰ লগত চগাতোৰ দৰে দুপাখি মেলি

উৰিল চৌপাশে শৰৎৰ বতৰা সিঁচি

নিয়ৰ টোপালবোৰো এটোপ এটোপ

কৈ সৰিল ধৰাৰ বুকুতলৈ সেউজী আঁচল তিয়াই

দুপৰ নিশা তুলিলে প্ৰেমৰ ৰাগি প্ৰেমিক-প্ৰেমিকাৰ দুৱাৰে দুৱাৰে প্ৰেমাশিক্ত সুৰসুৰীয়া

এটি সুগন্ধি সিঁচি বগা আঁচল খহাই উম্মোক্ত হৈ ।

এই যে প্ৰেমৰ সুগন্ধি ইয়াৰ সৌন্দৰ্য্যতা মাথোঁ ৰাতি

বাবে হে ঢলপুৱাৰ লগে লগে এই উম্মোক্ততাৰ

বেহাখনি যেন নিৰস হৈ পৰি ৰ'ব চোতাল অথবা ৰাষ্টাৰ কাষত কাৰোবাৰ ভৰিৰ গচকত

কাৰোবাৰ ঝাড়ুৰ আগত নিজৰ সুকোমল সুগন্ধি দেহাটো কদৰ্য কৰিলৈ পুনৰ আকৌ

অন‍্য এটি নিশাৰ বাবে নিজক সাজু কৰি একেই সুগন্ধিলৈ

এইটো নিয়ৰ আৰু আন্ধৰৰ

প্ৰেয়সী নাম যাৰ শেৱালি

যুগ যুগ বাগৰি অহা।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in