/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/49d7830d-941a-4fcb-b808-1652db1249bc/KOBITA.jpeg)
- বাহাৰুল ইছলাম
আন্ধাৰৰ বোকোচাত
দহি দহি ইন্ধন হ'লো
ৰিক্ত জীৱনৰ শেষ সম্বলখনিও
যেন ওলমি আছে শূন্যত
পাৰহীন নৈখনিৰ
নাৱিক হৈ ফুৰিছোঁ ভ্রমি।
কাল ধুমুহাই সাউৎকৰে
জীৱন জ্যোতিক গিলিব বিচাৰে
বাৰে বাৰে
পথৰ পথিক হৈ
মাথোঁ চাই থাকোঁ
খলাবমা নৈৰ ঢৌবোৰ।
আজি মোক জোনাকেও যেন
কোমল পোহৰৰ পৰা কৰিছে বঞ্চিত
অভিশপ্ত অতীতবোৰ
নিগৰে জ্বালামুখী হৈ।
ব্যৰ্থতাৰ চোতালত
আছোঁ বহি
আশা আৰু সপোনক
কৰিছোঁ কবৰস্থ।
এই অধমৰ নাই একো
আছে মাথোঁ
শিলাময় হৃদয়ত
মূষলধাৰে চকুলো
অগনি ৰূপত হুমুনিয়াহ।
নাই আজি
কোমল কহুৱাৰ হালিজালি নাচ
নাই গোলাপ-কাঞ্চনৰ
মিচিক হাঁহি
কথা নাপাতে আনকি
বকুলজোপাও,
মাধৈ-মালতিয়ে নামাতে
গীত নাগায় কদমৰ কুলিজনীও
পাৰ জনী
ঘৰৰ মূধচত নবহা হ'ল।
এলাইবাদু মই
নিঠৰুৱা প্ৰাণলৈ
আৱহমান বসুন্ধৰাত
তথাপি আছোঁ জীয়াই!
সময়ৰ গতিত
কেতিয়াবা সাহ পাওঁ
কিৰিং কিৰিং কৈ
ৰিণি ৰিণি কৰ্ণ-গোচৰ হয়
এচাটি স্নিগ্ধ পৱন
তাৰে উমান লওঁ ঘনে ঘনে।