কবিতা ৭/ নদী মানুহৰ আজন্ম প্রেমিক

কবিতা ৭/ নদী মানুহৰ আজন্ম প্রেমিক

author-image
asomiyapratidin
New Update
কবিতা ৫/ সাংবাদিকবোৰ মৰাৰ যোগ্য

ৰয়েল পেগু

Advertisment

নদী মানুহৰ আজন্ম প্ৰেমিক
অৰণ্য আদিম সহচৰ
মুঠি মুঠি সেউজীয়া সিঁচি
বৈ যায়…
নিতে বৈ যায়।

নদীৰো আছে অভিমান
উন্মাদনা …
নদী কেতিয়াবা দুয়োপাৰ ভাগি
বৈ যায়…
বালিৰ তৰপে পুতি পেলায়
খেতিয়কৰ শইচ ভূমি
নিমিষতে চূৰমাৰ হয়
খেতিয়কৰ সপোন।

নদী শান্ত হয়।
দুবাহু মেলি বৈ যায়
মুঠি মুঠি সেউজীয়া সিঁচি
সেউজীয়াবোৰ সপোন
কৃষক-হালোবা, ৰণুৱা-বনুৱা-শ্ৰমিকৰ।

নদী মানুহৰ আজন্ম প্রেমিক
অৰণ্য আমি সহচৰ
অৰণ্যৰ বুকুতে লালন
মানুহৰ আদিম বাসনা
মানুহৰ সভ্যতাৰ সোপান বগুৱাৰ আদিম খোজ
আৱর্তন-বিৱর্তন-সংবর্তন-পৰিবর্তন
এখোজ, দুখোজ অজস্র খোজ
সেয়েহে
নদী মানুহৰ আজন্ম প্রেমিক
অৰণ্য আদিম সহচৰ।

assam poet poem