কবিতা ৬৯/ স্বপ্ন

author-image
Asomiya Pratidin
New Update
কবিতা ৬৯/ স্বপ্ন

- বিকাশ শৰ্মা

Advertisment

ক'ৰ পৰা আৰম্ভ কৰিম

মোৰ নৈশ যাত্ৰা

বগৰীগছত ওলমাদি ওলমি থাকে

মোৰ চকুত দুটা পানীপিয়া

কাৰ স'তে পান কৰিম

মেঘৰ হৃদয়ৰ দুগিলাছ ফটিকা

কোনেও নিচিনে

মোৰ মাটিটুকুৰাৰ ভাগৰ

তেজ লগা মূৰবোৰ

দুই মাইল আগৰ পৰা ভাগৰি পৰে

কাৰ তেজেৰে লিখিম

মোৰ চিৰকালৰ দুখ

বগা সূতাবোৰত কোনে গাঁঠি দিব

জীৱনৰ মুখ

কি ভয়ংকৰ মৃত্যু

তাতোকৈ ভয়ংকৰ মোৰ সপোন

মানুহবোৰ অহা-যোৱা কৰে

কিন্তু পিয়াহ নুগুচে

গুহা এটাৰ ভিতৰত

চাকিৰ ওপৰত চাকি

তেতিয়া কিন্তু মোক

কোনেও নুসুধে

ইমান সুন্দৰ তোৰ শৰীৰ

মই জুমি জুমি চাওঁ

এতিয়া কিন্তু মই সাৱধান হ'ব লাগিব

আজিৰ কবিতাটো কবিৰ সভাবোৰত টোপনি মাৰিব

ন-কৈ কাকনো মুকলি কৰোঁ

মোৰ হাতৰ মুঠিত

ইমানবোৰ কবিয়ে

তোৰ কথাকে পাতি আছিল

ক'ত ৰাখিম চকু

সকলোতে ভালপোৱাৰ মানুহ

মই ৰ'চা সপোনবোৰ

তোৰ ফলীয়া হোৱাৰ আগতে

মই দীঘলকৈ উশাহ এটা ল'লো

আজি চাওঁচোন...

কাৰ সুখত তোৰ ওঁঠ কঁপে

কাৰ সুখত তোৰ স্তন ঘূৰণীয়া হয়!

assamese poem