/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5b208f63-345b-4c17-9847-798b806f887c/KOBITA.jpeg)
কবিতা
দুলাল বৰা
পূৱৰ আকাশখন
এতিয়া ধূষৰ হৈ আহিছে
কলীয়া মেঘবোৰে
সকলো চানি ধৰিছে
আষ্ফালন কৰিছে
তোষামোদৰ মধুচন্দ্ৰিকা ।
সুখৰ আলয়বোৰত দানৱৰ
হিংস্ৰ হাতোৰা পৰিছে
আলোক জ্যোতিবোৰ অকালতে
নুমাৱ ধৰিছে ধুমুহা অহাৰ বাতৰি পাই।
মানৱতাৰ মুখা পিন্ধি
চিলনীবোৰ হোৰাহোৰে উৰিছে
থপিয়াই নিছে আপোনতাৰ ঐকান্তিকতা
কুঞ্চনৰে হৃদয়ত কুৰুকি কুৰুকি খেলিচে
আপোন তেজৰে ফাকু।
গোলাপৰ পাপৰিবোৰ জয় পৰিছে
মদাৰ ফুলবোৰে বিলাইছে সুগন্ধি
তমসাই এতিয়া ৰৌদ্ৰতাৰে নৃত্য কৰিছে
আজুৰি ফেনেকি গিলিছে মমতাৰ সুৰভি।।