/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/WhatsApp-Image-2022-07-27-at-11.17.52-AM.jpeg)
poem
ভাৰ্গৱী নাথ
বেলিৰ বৈয়ামৰ সাঁফৰ খুলি
আকাশী বাটেৰে নিগৰি নিগৰি
কোন কুঁৱৰীৰ তিতা চুলিত জিৰাবলৈ
ৰ’দ তোৰ ইমান ঢাপলি...!
জিৰণি বেলিকা
অচিন ঘাটত
কান্দে মৌপিয়া;
দুপৰৰ বন সুহুৰি খেদি
কাৰ হাতৰ মুঠিৰে সৰকি যায়
সেউজী জীঁঞা ?
আকাশে হাউলি পথাৰক ক’লে;
শুৱনি কৰে তোক সেউজী সাজে ৷
কোন সদাগৰৰ বতৰা আনে
ভাটিয়ালি বতাহে !
বাটে চাই বাটে চাই
দুচকু ভাগৰে ৷
পেৰাত শুই থাকে কুঁৱৰীৰ জুনুকা
গোমোঠা হৃদয়ত আজি
অভিমানী ডাৱৰৰ ঠেলা হেঁচা।
টুলুংভুটুং বঠা-গীত ,
পালতৰা গধূলি,
বালিৰ দ’মত বালিমাহী,
আৰু যত যি কাহিনী -
উলটি আহি মোক সকলো ক’বাহি।
জানা জানো তুমি...
আগলতি কলাপাত লৰে কি চৰে,
নিতাল দুপৰতো হিয়া মোৰ খহে;
মোৰ চিলনী আইএ
হেৰোৱা ডেউকা বিচাৰে।৷