কবিতা ১৪৯/ এলঝেইমাৰ

author-image
Asomiya Pratidin
New Update
কবিতা ১৪৯/ এলঝেইমাৰ

- বৰ্ণালী দত্ত বৰা

এলঝেইমাৰ এখন নদী হোৱা হ'লে!

উটুৱাই দিলোহেঁতেন

কলিজা কুটি খোৱা বিষাদৰ কীট।

পাহৰিব খুজিও পাহৰিব নোৱাৰা

শেষ হ'ব খুজিও শেষ নোহোৱা

কথাবোৰ

দুখবোৰ

চকুৰ লোতকবোৰ.....

বোৱাই দিলোহেঁতেন।

এলঝেইমাৰ এটা হালধীয়া চৰাই হোৱা হ'লে!

ডেউকাত সানি দিলোহেঁতেন

জীৱন ঘড়ীৰ সৰা পাতৰ ৰং।

পায়ো হেৰুৱাই এঙাৰ হোৱা

কলিজাৰ ৰংবোৰ

নিকা কৰি ল'লোহেঁতেন

এলঝেইমাৰ এজাক বৰষুণ হোৱা হ'লে।

হোৱা হ'লে এলঝেইমাৰ

তলসৰা শেৱালি

অথবা

বকুল ফুলৰ গোন্ধ!

শীতল দলিছাতো যিয়ে নেকি দিব পাৰে

স্নিগ্ধ জোনাকৰ অনাবিল সুখ।

আৰু পঢ়ক : কবিতা ১৪৮/ জীৱন জিন্দাবাদ!

assamese poem