কবিতা ৫০/ এৰাপৰা সাধুকথা

author-image
Asomiya Pratidin
New Update
কবিতা ১২৯/ অনুভৱী মন

-মাতু হাজৰিকা

Advertisment

শালিকাই গা ধোৱা পানীডোঙা

আছিল এটা পুখুৰী

চোতালৰ এমূৰত থকা শেৱালিজোপাৰ

তলত আছিল ভাতৰচৰু

য'ত কোৰোকাৰ কেৰাহিত উজ্জ্বল হৈ পৰিছিল ধেমালিৰ এৰ'দ

কেতিয়াবা চোতালত চেংগুটি

কেতিয়াবা লুকাভাকু

কেতিয়াবা অ'দিৰ এঠেঙীয়া জাঁপ

লাগি থাকে জিলীৰ মুখৰ মাত

আন কেতিয়াবা পখিলা পখিলা

ফুটফুটিয়া খেলত আঁজলি ভৰোৱা

সুখৰ হাঁহি

তাত উবুৰি খাই পৰেহি

ৰামধেনুৰ সাতো ৰং

আকাশৰ পৰী নামি অহা

শৈশৱ কৈশোৰৰ চোতালত

সপোন দেখা সাধুকথা

পাটি পাৰি বিচনিৰ বা লৈ

উৰি উৰি ঘূৰি ঘূৰি বহে আইতাৰ পৃথিৱীখন

সন্ধিয়াটোৰ বুকুত

এৰাপৰা হ'ল বহুদিনেই

আইতাৰ পাভটি চাঙ

পিঠাগুৰিৰ কলহ

ঢেঁকীৰ চাবত নুপুৱা হ'ল ৰাতি

যি নিতৌ দিছিল

ৰাতিপুৱা আবেলি  মাত

হেৰাই থাকিল ধুতি-বিধুতি

হেৰাই থাকিল ভাতৰচৰু

হেৰাই থাকিল সেলেঙীলগা আইতাৰ

খুন্দনাৰ ওঁঠযোৰো

বুকুত লৈ ফুৰা যি কথা

নাপাহৰা চেনেহৰ উপত‍্যকাত

ব‍্যাপী থাকে দুখৰ ছাঁ ।

assam assamese poem