নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভাঙি দিয়াৰ দাবী, মঙলবাৰে মহানগৰীৰ ৰাজপথ উত্তাল কৰিলে কৃষক মুক্তিয়ে

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভাঙি দিয়াৰ দাবী, মঙলবাৰে মহানগৰীৰ ৰাজপথ উত্তাল কৰিলে কৃষক মুক্তিয়ে

author-image
asomiyapratidin
New Update
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভাঙি দিয়াৰ দাবী, মঙলবাৰে মহানগৰীৰ ৰাজপথ উত্তাল কৰিলে কৃষক মুক্তিয়ে

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰতৰ কেন্দ্ৰীয় ৰাজ্যিক শক্তিমন্ত্ৰী (স্বতন্ত্ৰ) ৰাজকুমাৰ সিঙৰ উপস্থিতিত তাজ বিভান্টাত উত্তৰ পূৰ্বাঞ্চলৰ সকলোবোৰ ৰাজ্যৰ শক্তিমন্ত্ৰীৰ বৈঠকত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্ত সংগাম সমিতিয়ে। জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম শীঘ্ৰে কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এন এইচ পি চিৰ ব্যৱস্থাপনাত আয়োজন কৰা সভাখনত জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।

Advertisment

মঙলবাৰৰ প্ৰতিবাদৰ জৰিয়তে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসম চৰকাৰ আৰু এন এইচ পি চিৰ মাজত শেহতীয়াকৈ সম্পন্ন হোৱা বুজাবুজিৰ চুক্তি বাতিল কৰিবলৈ দাবী জনায়। উল্লেখ্য যে, কৃষক নেতা অখিল গগৈ হোটেলখনৰ সন্মুখত উপস্থিত হোৱাৰ পিছতে এক বিশাল আৰক্ষী বাহিনীয়ে তেওঁক ঘেৰি ধৰে। তাৰ মাজতে কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ বিভিন্ন শ্লোগানেৰে বৃহৎ নদীবাদ কোনো কাৰণতে নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব বুলি মন্তব্য কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

পুৱা ১০ বজাৰ পৰা প্ৰায় ১২ বজাৰ লৈকে চলে এই প্ৰতিবাদী কাৰ্যসূূচী। প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষী আয়ুক্ত দীপক কুমাৰ, যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায় আৰু ডিচিপি ৰঞ্জন ভূঞাৰ যোগেদি সংগঠনটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাজ্যিক স্বতন্ত্ৰ শক্তিমন্ত্ৰী ৰাজ কুমাৰ সিং আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰদান কৰে।

উল্লেখ্য যে, অক্টোবৰ মাহৰ পৰা বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিব বুলি বুজাবুজি চুক্তিৰ ভিত্তিত এন এইচ পি চিয়ে কৰা ঘোষণাক প্ৰত্যাহ্বান জনাই এই কাৰ্য কৰিবলৈ দিয়া নহ'ব বুলি কয় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ইফালে ৰাইজৰ আহ্বানৰ প্ৰতি চৰকাৰে গুৰুত্ব নিদিলে ভয়ানক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও মঙলবাৰৰ কাৰ্যসূচীত জানিবলৈ দিয়ে কৃষক নেতা অখিল গগৈয়ে।