কামৰূপ মহানগৰত ‘ডায়েৰীয়া নিয়ন্ত্ৰণ পষেকৰ’ শুভাৰম্ভ

কামৰূপ মহানগৰত ‘ডায়েৰীয়া নিয়ন্ত্ৰণ পষেকৰ’ শুভাৰম্ভ

ডিজিটেল সংবাদ,গুৱাহাটী:বাৰিষাৰ লগে লগে আৰম্ভ হোৱা ডায়েৰীয়াৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ উদ্দেশ্যে কামৰূপ মহানগৰ জিলাত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে 'ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক'৷ ভেটাপাৰা ৰাজ্যিক চিকিৎসালয়ত এই কাৰ্যসূচী মুকলি কৰে কামৰূপ মহানগৰ জিলাৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ডঃ ধ্ৰুৱজ্যোতি হাজৰিকাই।

১৫ জুলাইৰ পৰা ২৯ জুলাইলৈ চলিবলগীয়া এই পষেকত জিলাখনৰ ০-৫ বছৰ বয়সৰ সকলো শিশুকে সাঙুৰি লোৱা হ'ব আৰু শিশুসকলৰ মাজত অ আৰ এছ আৰু জিংক টেবলেট বিতৰণ কৰা হ'ব। লগতে ডায়েৰীয়াপ্ৰৱণ অঞ্চলসমূহ,বিশেষকৈ চহৰৰ বস্তি অঞ্চলসমূহ আৰু ভিতৰুৱা গাওঁসমূহত বিভিন্ন প্ৰচাৰ মাধ্যমেৰে সজাগতা সৃষ্টি কৰাৰ লগতে বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলৰ মাজত শৌচাগাৰৰ ব্যৱহাৰ, পৰিষ্কাৰকৈ হাত ধোৱা অভ্যাস আৰু বিশুদ্ধ খোৱাপানী সেৱনৰ গুৰূত্ব সম্পৰ্কেও সজাগতা সৃষ্টি কৰা হ'ব৷

এই অনুষ্ঠানত জিলাখনৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ জে পি শৰ্মা, জিলা প্ৰতিষেধক বিষয়া ডাঃ বি কে দাসকে ধৰি স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়াসকল উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in