কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্রশংসনীয় পদক্ষেপ, ‘বুঢ়ী আইৰ সাধু’কে ধৰি শিশু সাহিত্যৰ নতুন ৰূপ…

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্রশংসনীয় পদক্ষেপ, ‘বুঢ়ী আইৰ সাধু’কে ধৰি শিশু সাহিত্যৰ নতুন ৰূপ…

author-image
asomiyapratidin
New Update
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্রশংসনীয় পদক্ষেপ, ‘বুঢ়ী আইৰ সাধু’কে ধৰি শিশু সাহিত্যৰ নতুন ৰূপ…

ডিজিটেল ডেস্কঃ উত্তৰ-পূব ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ। অহা ২৯ ফেব্ৰুৱাৰী, ২০২০ত গুৱাহাটী মহানগৰস্থিত শংকৰদেৱ কলাক্ষেত্ৰত 'দুকুৰি খণ্ডৰ সংকলন' উন্মোচন কৰিব কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়খনে।

Advertisment

উল্লেখ্য যে, এই মুক্ত বিশ্ববিদ্যালয়খনে প্ৰকাশনৰ ক্ষেত্ৰত গ্ৰহণ কৰি আহিছে এক ব্যতিক্ৰমী পদক্ষেপ। মধ্য যুগৰে পৰা ২০০০চনলৈকে অসমীয়া ভাষাত প্ৰকাশিত শিশু সাহিত্যসমূহৰ সংৰক্ষণ আৰু পুনঃ প্ৰকাশনৰ ব্যৱস্থা কৰি আহিছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে।

ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়খনে দুকুৰি খণ্ডৰ সংকলন উন্মোচনীঅনুষ্ঠানৰ বাবে প্ৰদান কৰা নিমন্ত্ৰণী পত্ৰত উল্লেখ কৰিছে যে, ভাৰতীয় সাহিত্যৰক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সমস্যা হৈছে এই সাহিত্যসমূহৰ সংৰক্ষণ। বিভিন্ন কাৰণতভাৰতীয় সাহিত্যত সংৰক্ষণৰ এক গভীৰ পৰম্পৰা এতিয়াও গঢ়ি উঠা নাই। আৰু এই সমগ্ৰবিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিয়েই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়েঅসমীয়া শিশু সাহিত্য সংৰক্ষণৰ এই প্ৰশংসনীয় প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে।

লগতে তেওঁলোকে জনাই যে, প্ৰায় ২হাজাৰৰো অধিক গ্ৰন্থৰ সম্ভেদ পাবলৈসক্ষম হৈছে। আৰু এই গ্ৰন্থসমূহকে বহু কেইটা ভাগত বিভক্ত কৰি কেইবাটাও খণ্ডত প্ৰকাশকৰিবলৈ আগবাঢ়িছে বিশ্ববিদ্যালয়খনৰ অসম শিশু সাহিত্য কোষ।অসমীয়া শিশু সাহিত্যকবিতা, সাধু, অনুবাদ, উপন্যাস, নাটক আদি বিভিন্ন ধাৰাৰে সমৃদ্ধ। আৰু এই শাখাসমূহসমৃদ্ধি কৰিছে ক্ৰমে পানীন্দ্ৰনাথ গগৈ, বৰদেৱ মহন্ত, দুৰ্ভাপ্ৰসাদ মজিন্দাৰ বৰুৱা,লম্বোদৰ বৰা, চোলেইমান খাঁ, ছৈয়দ আব্দুল মালিক, নৱকান্ত বৰুৱা, নিৰ্মল প্ৰভা বৰদলৈ,চন্দ্ৰধৰ বৰুৱা, অতুল চন্দ্ৰ হাজৰিকা, ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানী, ভবেন্দ্ৰ নাথশইকীয়া, হোমেন বৰগোহাঞি, প্ৰবীণা শইকীয়া, শান্তনু তামুলী, প্ৰীতি বৰুৱাকে ধৰিবিভিন্ন বিশিষ্ট ব্যক্তিয়ে।

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে অসমীয়া শিশু সাহিত্য সংৰক্ষণৰ বিষয়টোক সেয়েহে গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে। আৰু এই শিশু সাহিত্যসমূহক ছপা মাধ্যমত আৱদ্ধ কৰাৰ বাবে সিদ্ধান্ত লৈছে। আৰু অহা শনিবাৰ অর্থাৎ ২৯ ফেব্ৰুৱাৰীত বিশ্ববিদ্যালয়খনৰ প্ৰচেষ্টাত ছপা কৰা 'দুকুৰি খণ্ডৰ সংকলন' উন্মোচন কৰা হ'ব।

বিশ্ববিদ্যালয়খনে হাতত লোৱা এই প্ৰচেষ্টাৰ গুৰুত্ব অনুধাৱন কৰি চৰকাৰে ইতিমধ্যে বিশ্ববিদ্যালয়খনৰ ৩ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰায় ২০০ৰো অধিক সমল ব্যক্তিয়ে বিভিন্ন ধৰণে এই প্ৰকল্প সুচাৰুৰূপে সম্পাদন কৰাত প্ৰতিষ্ঠানখনক সহায় প্ৰদান কৰিছে।

২৯ ফেব্ৰুৱাৰীত উন্মোচন কৰিবলৈ লোৱা ৪০টা খণ্ডৰ অসম শিশু সাহিত্য কোষৰ প্ৰত্যেকটো খণ্ডৰ পৃষ্ঠাৰ সংখ্যা প্ৰায় এহাজাৰ। বিশ্ববিদ্যালয়খনে আশা কৰিছে মাতৃভাষাৰ খণ্ডলৈ যিসমূহ প্ৰত্যাহ্বান নামি আহিছে, সেই প্ৰত্যাহ্বান সমূহৰ সন্মুখত ঠিয় হ'বলৈ এনে ধৰণৰ বিভিন্ন কাৰ্যপন্থাই অসমীয়া জাতিক সাহস দিব।

উল্লেখ্য যে, ২০১৭চনৰ ১৩ এপ্ৰিল তাৰিখে বিশ্ববিদ্যালয়খনে এই সংৰক্ষণ আৰু প্ৰকাশন প্ৰকল্পৰ শোভাৰম্ভণি কৰিছিল। তেতিয়াৰ পৰাই অসমীয়া সমাজত হেৰাই যাব খোজা বহু শিশু সাহিত্য গ্ৰন্থক একত্ৰিত কৰাৰ অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে উত্তৰ-পূব ভাৰতৰ প্ৰথম খন বিশ্ববিদ্যালয়ে।