
ডিজিটেল ডেস্কঃ নগাঁৱৰ কাণ্ডৰ তদন্তকাৰী বিষয়া তথা অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে সমগ্ৰ ঘটনাৰ তদন্ত কৰি এণ্টি নাৰ্কোটিক স্কোৱাডৰ এছ আই প্ৰদীপ বণিয়াক দোষী সাব্যস্ত কৰাৰ পিছতে এতিয়া ভুক্তভোগী কীৰ্তিকমল বৰাৰ পৰিয়ালে সন্তুষ্টি ব্যক্ত কৰিছে। কীৰ্তিকমল বৰাৰ ভাতৃ কৌস্তভ কমল বৰাই এই সন্দৰ্ভত কয় যে, নগাওঁ আৰক্ষীৰ অপৰাধ বিৰোধী অভিযানক আমি কেতিয়াও বিৰোধিতা কৰা নাই। কিন্তু মোৰ নিৰ্দোষী ভাতৃৰ ওপৰত প্ৰদীপ বণিয়া আৰু এণ্টি নাৰ্কোটিক স্কোৱাডে কৰা অত্যাচাৰৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো।
আনহাতে কীৰ্তিকমল বৰাৰ ভগ্নী নিবেদিতা বৰাই তদন্ত প্ৰক্ৰিয়াত সন্তুষ্টি ব্যক্ত কৰি তদন্তকাৰী বিষয়া পৱন বৰঠাকুৰ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ ,জ্ঞাপন কৰে। তেওঁ কীৰ্তিকমলক চৰকাৰী সংস্থাপন দিবৰ বাবেও দাবী উত্থাপন কৰে। তেওঁ এই কথাও কয় যে, কীৰ্তিকমলৰ পূৰ্বৰে পৰা এগৰাকী আৰক্ষী বিষয়া হোৱাৰ সপোন আছিল আৰু সেই সপোন আৰক্ষীয়েই কলিতে মোহাৰি পেলালে।
উল্লেখ্যে যে কীৰ্তিকমল বৰাক সামান্য কথাতে নগাঁৱৰ এণ্টি নাৰ্কোটিক স্কোৱাডে গুলীয়াই আহত কৰিছিল। ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি আৰক্ষীৰ এই গুলীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাৰ তদন্তৰ বাবে অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ দ্বাৰা এখন কমিটী গঠন কৰি দিয়া হৈছিল আৰু এই কমিটীক ৭ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখি কৰাৰ নিৰ্দেশ দিয়া হৈছিল।
অৱশেষত ৮ ফেব্ৰুৱাৰী, মঙ্গলবাৰে এই তদন্ত কমিটীয়ে সমগ্ৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰে আৰু এণ্টি নাৰ্কোটিক স্কোৱাডৰ গুলীচালনা ঘটনাক উদ্দেশ্যপ্ৰণোদিত আখ্যা দিয়ে। ইয়াৰ পিছতে তৎকালীন ভাৱে এই এণ্টি নাৰ্কোটিক স্কোৱাড ভংগ কৰি ইয়াৰ সদস্যসকলক অন্যান্য জিলালৈ বদলি কৰাৰ নিৰ্দেশ প্ৰদান কৰা হয়। আনহাতে এছ আই প্ৰদীপ বণিয়াক এই ঘটনাৰ বাবে নিলম্বন কৰা হয়। তাৰোপৰি স্কোৱাডৰ প্ৰতিজন সদস্যৰ বিৰুদ্ধে তদন্ত কৰাৰ নিৰ্দেশ দিয়া হৈছে।
আনহাতে নগাওঁ কাণ্ডৰ পিছতে বিভিন্ন ধৰণে মন্তব্য কৰি প্ৰদীপ বণিয়া আৰু তেওঁৰ এণ্টি নাৰ্কোটিক স্কোৱাডক ৰক্ষণাবেক্ষণ দিয়া নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে এতিয়া সামাজিক মাধ্যমত বহুতেই বিভিন্নধৰণে মন্তব্য কৰিছে। আনন্দ মিশ্ৰই ঘটনাস্থলীত ড্ৰাগছৰ লগতে সুৰাৰ বটল আদি উদ্ধাৰ হোৱা বুলি কৰা এক মন্তব্যকো এতিয়া বহুতেই সমালোচনা কৰিছে।
প্ৰশ্ন উত্থাপন হৈছে, কীৰ্তিকমল বৰাৰ লগত সকলোৱে থিয় দিয়াৰ বাবে তেওঁ ন্যায় লাভ কৰিলে, কিন্তু একেসময়তে ৰাজ্যৰ আন আন জিলাত সংঘটি হোৱা গুলীচালনা ঘটনা কিমানদূৰ শুদ্ধ আৰু প্ৰয়োজনীয় আছিল? ৰাজ্যৰ আন স্থানতো ড্ৰাগছ বিৰোধী অভিযানৰ লগতে অপৰাধ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে উদ্দেশ্যপ্ৰণোদিত ভাৱে গুলী চালনা কৰিছিল নেকি? এই প্ৰশ্ন এতিয়া সৰ্বসাধাৰণৰ মুখে মুখে।