মই বিজেপিত থকালৈকে উত্তৰ-পূৰ্বত নাগৰিকত্ব সংশোধনী বিধেয়ক আনিবলৈ নিদিওঃ কিৰেন ৰিজিজু

মই বিজেপিত থকালৈকে উত্তৰ-পূৰ্বত নাগৰিকত্ব সংশোধনী বিধেয়ক আনিবলৈ নিদিওঃ কিৰেন ৰিজিজু

author-image
asomiyapratidin
New Update
বিধেয়কৰ বিৰুদ্ধে গৰজি উঠিল গোলাঘাটৰ শিখ সমাজ…

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ইটানগৰঃ অবশেষত উত্তৰ-পূৰ্বাঞ্চলক নাগৰিকত্ব সংশোধনী বিধেয়কৰ আওঁতাৰ পৰা আতৰাই ৰাখিব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী তথা বি জে পিৰ অন্যতম শক্তিশালী নেতা কিৰেন ৰিজিজুৱে৷ প্ৰায় পাঁচ বছৰৰ অন্তত ইটানগৰত কিৰেণ ৰিজিজুৱে ৰাজ্যখনৰ সাংবাদিকৰে এক সংবাদমেলত মিলিত হোৱাৰ সময়তে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ কেব সন্দৰ্ভত সাংবাদিকৰ উপৰ্যুপৰি প্ৰশ্নৰ উত্তৰত ৰিজিজুৱে কয় যে, তেওঁ বিজেপিত থকা পৰ্যন্ত অৰুণাচল প্ৰদেশ বা উত্তৰ পূৰ্বাঞ্চলত নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰবৰ্তন কৰিবলৈ নিদিয়ে৷

তেওঁ কয় যে, স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ মোডীয়ে এক নিৰ্বাচনী সভাত উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ সংস্কৃতি আৰু অস্তিত্বৰ প্ৰতি ভাবুকি আনিব পৰা কোনো কাম নকৰে বুলি ঘোষণা কৰিছিল৷ ৰিজিজুৱে কয় যে, বিজেপিৰ সহযোগী দলৰ লগতে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱেও কেবৰ বিৰোধিতা কৰিছিল৷ তদুপৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন দল সংগঠনেও কেবৰ বিৰোধীতা কৰিছিল ৷ সেয়ে বিজেপি চৰকাৰে লোকসভাত বিধেয়কখন গৃহিত কৰাৰ পাছতো ৰাজ্যসভাত উত্থাপনৰ পৰা বিৰত থাকে৷

ৰিজিজুৱে লগতে কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত কেবৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে যদিও দেশৰ বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী বিধেয়কখন অতি শীঘ্ৰে বলবৎ কৰিব লাগে বুলিও বিজেপিৰ ওপৰত তীব্ৰ হেঁচা প্ৰয়োগ কৰিছে৷ গতিকে বিজেপিয়ে কেব আনিলেও উত্তৰ-পূৰ্বাঞ্চলক কেবৰ আওতাৰ পৰা আতৰাই ৰাখিব।