আজি অসমলৈ আহিব ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যায়েল ৱাংচুক...

আজি অসমলৈ আহিব ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যায়েল ৱাংচুক...
আজি অসমলৈ আহিব ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যায়েল ৱাংচুক...

ডিজিটেল ডেস্কঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে ৩ নৱেম্বৰ, ২০২৩, শুকুৰবাৰে অসমলৈ আহিব চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যায়েস ৱাংচুক। এই ভ্ৰমণসূচীৰ প্ৰথমটো দিনত ভূটানৰ ৰজাগৰাকীয়ে গুৱাহাটীৰ এখন হোটেলত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰিব।

জানিব পৰা মতে ৰজা আৰু ভূটান চৰকাৰৰ শীৰ্ষ বিষয়াসকল শুকুৰবাৰে দুপৰীয়া এক বিশেষ বিমানযোগে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ'বহি । তাৰ পাছত তেওঁ প্ৰথমে কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰিব।

আনহাতে, ভূটানৰ ৰজাগৰাকীক সন্মানৰ অৰ্থে গুৱাহাটীৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যপালৰ আতিথ্যত শুকুৰবাৰে নৈশ ভোজৰ আয়োজন কৰা হৈছে। ইয়াৰ পৰৱৰ্তী দিনটোত অৰ্থাত শনিবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানত অধ্যয়নৰত ভূটানৰ শিক্ষাৰ্থীসকলৰ সৈতে ভূটানৰ ৰজাগৰাকীয়ে মত-বিনিময় কৰিব।

সেইদিনাই ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যায়েল ৱাংছুকে উজনিলৈ যাত্ৰা কৰিব। তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাৰ লগতে নিশা উদ্যানখনত তেওঁৰ আগমনৰ বাবে আয়োজিত এটা সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰিব।

কাজিৰঙাৰ বন্যপ্ৰাণী বিশেষজ্ঞৰ সৈতেও ভূটানৰ ৰজাগৰাকীয়ে মত-বিনিময় কৰিব। পত্নীৰ সৈতে ভাৰত ভ্ৰমণ কৰা ৱাংছুকে ৫ নৱেম্বৰত অসমৰ পৰা মুম্বাই অভিমুখে যাত্ৰা কৰিব।

ইপিনে ভূটান ইণ্ডিয়া ফ্ৰেণ্ডশ্বিপ এছ’চিয়েশ্যনৰ উপ-সভাপতি দাছো চেৰিং ৱাংডাই বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত কলকাতাত সদৰী কৰা‌ মতে ভূটানৰ ৰজাৰ অসমলৈ এয়া ঐতিহাসিক ৰাজ্যিক ভ্ৰমণ।ভূটানৰ ৰজাৰ এই ভ্ৰমণে ভূটান আৰু ভাৰতৰ মাজত জনসাধাৰণৰ সদিচ্ছা বৃদ্ধি কৰাৰ লগতে দুয়ো ৰাষ্ট্ৰৰ বন্ধুত্ব শক্তিশালী কৰিব আৰু অঞ্চলটোত শান্তি নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূটানৰ ৰজাগৰাকীক অসমলৈ আদৰণি জনাই এক্সত এই বিষয়ে উল্লেখ কৰিছে। তেওঁ লিখিছে- We eagerly anticipate the visit of His Majesty Jigme Khesar Namgyel Wangchuck in Assam tomorrow, November 3 2023. His royal presence will further strengthen the cherished bonds between our two nations.

আজি অসমলৈ আহিব ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যায়েল ৱাংচুক...
নগাঁৱৰ শিমলুগুৰিত আৰক্ষীৰ অভিযানত গাঞ্জা সৰবৰাহকাৰী আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in