বটদ্ৰৱাৰ খুৰেন কলিতাৰ বিয়োগ

বটদ্ৰৱাৰ খুৰেন কলিতাৰ বিয়োগ

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ খুৰেন কলিতাৰ বিয়োগ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা শলগুৰি সত্ৰ নিৱাসী খুৰেন কলিতাৰ সোমবাৰে নিশা নিজ বাসগৃহত বিয়োগ হয়। ৬৪ বছৰীয়া কলিতা বিগত কিছুবছৰ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।

Advertisment

জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী খুৰেন কলিতাই অৱসৰৰ পিছত বটদ্ৰৱা থান, দৌল মন্দিৰ, শলগুৰি সত্ৰৰ সমাজ আৰু বটদ্ৰৱা হৰিহৰ মন্দিৰত দেউৰী হিচাপে সেৱা আগবঢ়াইছিল। সৰবৰহী, মৰমীয়াল কলিতাৰ বিয়োগত বটদ্ৰৱাত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত খুৰেন কলিতাই পত্নী, একমাত্ৰ পুত্ৰ ধ্ৰুৱজ্যোতি কলিতা, বোৱাৰী, দুগৰাকী জীয়ৰী, জোৱাই, নাতি নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

Also Read: আপোনাৰ ভাল হ'ব...