অসম আন্দোলনৰ সক্ৰিয় কর্মী ,সমাজকৰ্মী ক্ষীৰকান্ত শইকীয়াৰ মৃত্যু

অসম আন্দোলনৰ সক্ৰিয় কর্মী ,সমাজকৰ্মী  ক্ষীৰকান্ত শইকীয়াৰ মৃত্যু

ডিজিটেল সংবাদ , বেবেজীয়া: নগাঁও জিলাৰ বেবেজীয়া চাৰিআলিৰ নিকটৱৰ্তী জুৰীয়া নামঘৰৰ সমীপৰ নিবাসী তথা অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ সক্ৰিয় কৰ্মী , শংকৰী কলাকৃষ্টিৰ সাধক , সমাজকর্মী ক্ষীৰকান্ত শইকীয়া (৭২) ৰ মঙলবাৰে পুৱা ৫ বজাত পৰলোকপ্ৰাপ্তি হয় । উল্লেখ্য যে, যোৱা বছৰৰ জুলাই মাহত তেওঁ জাপানীজ এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত হৈছিল যদিও গুৱাহাটীৰ এপল হস্পিতালত চিকিৎসা গ্ৰহণৰ পাছত সুস্থ হৈ উঠিছিল লোকজন ৷

সুস্থ হোৱাৰ পিছত বিগত ছেপ্টেম্বৰ মাহত বেবেজীয়াৰ নিজ গৃহলৈ লৈ আহি ঘৰতে চিকিৎসা সেৱা অব্যাহত ৰাখিছিল । কিন্তু দুদিন পূৰ্বে হঠাৎ লোকজন পুনৰ অসুস্থ হৈ পৰে আৰু আজি পুৱাই বাসভৱনতে তেওঁৰ মৃত্যু হয় । উল্লেখযোগ্য যে , অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী হিচাপে অস্তিত্বৰ ৰক্ষা আন্দোলনত অৰিহণা যোগোৱাৰ উপৰিও শংকৰী কলা কৃষ্টিৰ লগতে সমাজৰ বিভিন্ন কামত আগৰণুৱা আছিল ।

মৃত্যুৰ সময়ত পত্নী, তিনিজন পুত্ৰকে ধৰি বহু আত্মীয় কুতুমক ইহ সংসাৰত এৰিথৈ যায় ৷ আজি পুৱা লোকজনৰ মৃত্যুৰ খবৰ পোৱা লগে লগে বিভিন্ন ব্যক্তি সকলে গৈ তেওঁৰ নশ্বৰ দেহত পুষ্পঞ্জলি অৰ্পণ কৰে । লোকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে ৷ তেওঁৰ মৃত্যুত অসম আন্দোলনৰ এসময়ৰ সতীৰ্থ তথা শিক্ষাবিদ যাদৱ চন্দ্ৰ বৰা , সংগ্ৰামী নেতা দেৱ কুমাৰ বৰাকে ধৰি বহুকেইজন নেতাই শোক প্ৰকাশ কৰিছে ।

অসম আন্দোলনৰ সক্ৰিয় কর্মী ,সমাজকৰ্মী  ক্ষীৰকান্ত শইকীয়াৰ মৃত্যু
অনা-অসমীয়া ব্যৱসায়ীৰ মুখত খুওৱা শৃংখল চলিহাৰ জামিন মঞ্জুৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in