/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/KHELO-INDIA-YOUTH-GAMES-MISTAKES-IN-THE-LAST-DAY.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ অন্ত পৰিল তৃতীয় সংস্কৰণৰ খেল' ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ। গুৱাহাটীত অনুষ্ঠিত এই ক্ৰীড়া সমাৰোহৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পলমকৈ আহি কেন্দ্ৰীয় ৰাজ্যিক ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে অংশ লয়। সৰুসজাইত নৱীন চন্দ্ৰ বৰুৱা ইণ্ড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত এই সামৰণি অনুষ্ঠান আছিল যথেষ্ট ক্ৰুটিপূৰ্ণ। বৰ্ণাঢ্য কাৰ্যসূচীৰে খেল' ইণ্ডিয়াৰ উদ্বোধনী অনু্ষ্ঠানে বিশেষ সমাদৰ লাভ কৰিছিল যদিও সফলতাৰে অনুষ্ঠিত হোৱা এই ক্ৰীড়া সমাৰোহৰ অন্তিম দিনাৰ অন্তিম কাৰ্যসূচীত সেই ধাৰাবাহিকতা দেখিবলৈ পোৱা নগ'ল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/d2743c9d-d646-4414-91f6-6fcedd366437.jpg)
সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত উপস্থিতিও আছিল যথেষ্ট সেৰেঙা। প্ৰথমে প্ৰায় ৬ বজাতে অনুষ্ঠান আৰম্ভ কৰিবলৈ ২ ঘোষিকা মঞ্চলৈ আগবাঢ়ি আহি অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ কৰে। সকলোকে স্বাগতম জনাই ঘোষিকাই ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ বাবে অনুৰোধ কৰাত উপস্থিত সকলে থিয় হৈ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। তাৰ পিছতে আয়োজকসকলৰ মাজত লৰাধপৰা লাগে। কিয়নো সেই মুহুৰ্ত লৈকে অনুষ্ঠানস্থলীত উপস্থিত হোৱাই নাছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা বিশিষ্ট লোকসকল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/c0b6d29f-3854-4420-b3a3-4ae28e9c07ac.jpg)
লগে লগে ঘোষিকাক অনুষ্ঠান বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াত প্ৰায় ১৫ মিনিটমান সময় অনুষ্ঠান আৰম্ভ কৰাৰ পিছতে কোনো কাৰ্যসূচী অবিহনে মঞ্চ খালী হৈ ৰয়। মুখ্যমন্ত্ৰীলৈ অপেক্ষা কৰি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ পিছতে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া অনুষ্ঠানৰ সামৰণিত এই বিসংগতিয়ে সকলোৰে চকু কঁপালত তুলিলে। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী আহি উপস্থিত হোৱাৰ পাছতে পুনৰ প্ৰথমৰ পৰা অনুষ্ঠান আৰম্ভ কৰে ২ ঘোষিকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/254e162a-912d-4419-941e-ab667e069d44.jpg)
সামৰণি অনুষ্ঠানৰ প্ৰথমটো কাৰ্যসূচী আছিল সত্ৰীয়া নৃত্যৰ প্ৰদৰ্শন। অভিনেত্ৰী গায়ত্ৰী মহন্তই সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি থকাৰ সময়তে দুৰ্ভাগ্য ক্ৰমে ভৰি পিচলি পৰে। এই খেল' ইণ্ডিয়াৰ স্মৰণিকাও মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। খেল' ইণ্ডিয়া গুৱাহাটী সংস্কৰণৰ মুখ্য কাৰ্যবাহী বিষয়া অবিনাশ যোশীয়ে এই ক্ৰীড়া প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ভাষণ প্ৰসংগত যোশীয়ে ক'লে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিহা পৰামৰ্শ আৰু উদ্যোগৰ বাবেই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাত সফল হ'ল।
অনুষ্ঠানত অংশ লৈ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ক্ৰীড়া আন্তঃগাথঁনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ আলোচনা কৰে। এই প্ৰতিযোগিতাত অংশ লোৱা সকলো খেলুৱৈকে অভিনন্দন জ্ঞাপন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিযোগিতাখন সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে সকলোকে ধন্যবাদ দিয়ে।
অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে খেলুৱৈ আৰু উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰে। কাশ্মীৰৰ পৰা মন্ত্ৰীগৰাকী অনুষ্ঠানত অংশ লোৱাৰ বাবে আহিবলৈ ওলাই জলবায়ুৰ পৰিৱৰ্তন হোৱাৰ বাবে বিমান ওৰণত অসুবিধা হোৱাৰ বাবে পলমকৈ আহি উপস্থিত হয় বুলি জনায় ৰিজিজুৱে। তেওঁ গুৱাহাটীৰ ৰাইজ তথা অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰে।
এই প্ৰতিযোগিতাত ৭৮ টা সোণ, ৭৭ টা ৰূপ, ১০১ টা ব্ৰঞ্জৰ পদকেৰে প্ৰথম স্থান দখল কৰে মহাৰাষ্ট্ৰই। ৰাজ্যখনে মুঠ ২৫৬ টা পদক লাভ কৰে।
দ্বিতীয় স্থানত হাৰিয়ানা। ৰাজ্যখনে ৬৮ টা সোণ, ৬০ টা ৰূপ, ৭২ টা ব্ৰঞ্জৰ পদক লাভ কৰে। দিল্লীয়ে ৩৯ টা সোণ, ৩৬ টা ৰূপ আৰু ৪৭ টা ব্ৰঞ্জৰ পদক লাভ কৰে। চতুৰ্থ স্থানত থকা কৰ্ণাটকে ৩২ টা সোণ, ২৬ টা ৰূপ, ২২ টা ব্ৰঞ্জৰ পদক লাভ কৰে। উত্তৰ প্ৰদেশে লাভ কৰে ২৯ টা সোণ, ২৮ টা ৰূপ, ৩০ টা ব্ৰঞ্জৰ পদক। তামিলনাডুৰ খেলুৱৈসকলে নিজৰ প্ৰদৰ্শনেৰে লাভ কৰে ২২ টা সোণ, ৩২ টা ৰূপ আৰু ২২ টা ব্ৰঞ্জ। ঠিক তেনেদৰে সপ্তম স্থানত থকা অসমে লাভ কৰা মুঠ ৭৬ টা পদকৰ ভিতৰত আছে ২০ টা সোণ, ২২ টা ৰূপ আৰু ৩৪ টা ব্ৰঞ্জ। ইফালে এই অনুষ্ঠানতে সাংস্কৃতিক অনুষ্ঠানৰ নামত পেঁপাৰ তালত নচা হিপহপ নৃত্যত বিহু বিকৃতকৰণ কৰা বুলিও অভিযোগ উত্থাপন হৈছে।