ডিজিটেল সংবাদ, গুৱাহাটী: প্ৰয়াত অন্নপূৰ্ণা দেৱী ভাগৱতীৰ প্ৰথম বছৰেকীয়া মৃত্যু তিথিত অলপতে শ্ৰদ্ধাঞ্জলি গ্ৰন্থ 'স্মৃতিলেখা' উন্মোচন কৰা হয়। বিগত দুটা বছৰে কোৰোনা অতিমাৰীত বিদ্ধস্ত অসম তথা অসমবাসীৰ মনলৈ শেহতীয়াকৈ যেন সামান্য আশাৰ বতৰা আহিছে। এনে এক ক্ষণত প্ৰয়াত ভাগৱতীৰ তৃতীয় পুত্ৰ ক্ষীৰোদ ভাগৱতীৰ খানাপাৰাস্থিত বাসগৃহত কোভিড নিয়মাৱলী পালনেৰে গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। প্ৰায় ডেৰ শতাধিক সমজুৱাৰ উপস্থিতিৰে অনুষ্ঠিত ১৪ ডিচেম্বৰৰ সভাখনত সভাপতিত্ব কৰে শিক্ষাবিদ প্ৰেমধৰ দেৱ শৰ্মাই।
প্ৰয়াত ভাগৱতীৰ আলোকচিত্ৰত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্জ্বলন কৰে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত গৱেষণা সঞ্চালক নিত্যানন্দ শৰ্মাই। সভাত আনুষ্ঠানিক ভাবে গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক নৱ ঠাকুৰীয়াই। উন্মোচনী বক্তব্যত ঠাকুৰীয়াই এগৰাকী মাতৃৰ মহত্ব, শ্ৰেষ্ঠত্ব আৰু কৰ্মৰাজিৰ বৰ্ণনাৰ লগতে প্ৰয়াত ভাগৱতীৰ এক উচিত মূল্যায়ন দাঙি ধৰে। এগৰাকী স্বাধীনতা সংগ্ৰামীৰ পত্নী অন্নপূৰ্ণা দেৱীয়ে সাতোটিকৈ সন্তানক প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলি সমাজক একোগৰাকী সুনাগৰিক দিছে বুলি তেওঁ কয়।
স্মৃতিলেখা গ্ৰন্থখন সম্পাদনা কৰি উলিয়ায় শিক্ষাবিদ, অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ ললিতা দেৱী আৰু ডঃ অৰূপ জ্যোতি দেৱ শৰ্মাই। গ্ৰন্থখনত অসমৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তি, প্ৰয়াত ভাগৱতীৰ আত্মীয় স্বজন (পুত্ৰ-কন্যা-নাতি-নাতিনী)য়ে তেওঁৰ জীৱনৰ ওপৰত আলোকপাত কৰে। সভাত খানাপাৰা অঞ্চলৰ বিশিষ্ট ব্যক্তি, অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মৃনাল কুমাৰ বৰুৱা, ঘনশ্যাম বড়া, ডাঃ যতীন্দ্ৰ নাথ ভাগৱতী, মাধব শৰ্মা, অৱসৰ প্ৰাপ্ত অসম অসামৰিক সেৱাৰ বিষয়া কনক শৰ্মা আদি উপস্থিত থাকে। প্ৰয়াত ভাগৱতীৰ পুত্ৰ-কন্যা (অমৰেন্দ্ৰ ভাগৱতী, ডঃ প্ৰমোদ চন্দ্ৰ ভাগৱতী, সুনীতি শৰ্মা ভাগৱতী, ক্ষীৰোদ ভাগৱতী, মৃগেন্দ্ৰ ভাগবতী, ডঃ ভবেশ ভাগৱতী) আটাই কেইজনেই সভাত উপস্থিত আছিল।