Advertisment

চিকিৎসাৰ অভাৱত চিকিৎসালয়ৰ বাৰাণ্ডাতে চটফটাই মৃত্যু ৰোগীৰ

চিকিৎসাৰ অভাৱত চিকিৎসালয়ৰ বাৰাণ্ডাতে চটফটাই মৃত্যু ৰোগীৰ

author-image
asomiyapratidin
New Update
চিকিৎসাৰ অভাৱত চিকিৎসালয়ৰ বাৰাণ্ডাতে চটফটাই মৃত্যু ৰোগীৰ

ডিজিটেল সংবাদ, আন্ধেৰীঘাটঃ নিজৰ বিভাগটোক পিঠিদি কেৱল হিন্দুত্ববাদী এজেণ্ডাত কাম কৰি দিল্লীৱালা নেতাৰ তৈলমৰ্দনত ব্যস্ত থকা স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিভাগত বাজিছে মৃত্যু ঘন্টা। বিশেষকৈ বি টি এ ডিৰ এলেকাৰ চিকিৎসালয়ত চৰম অৰাজক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। বুধবাৰে যেন তাৰেই স্পষ্ট ছবি দেখা গ'ল ওদালগুৰি জিলাৰ ত্ৰিছখন বিছনা যুক্ত খৈৰাবাৰী সামূহিক চিকিৎসালয়ত।

Advertisment

চিকিৎসাৰ অভাৱত চিকিৎসালয় খনৰ বাৰাণ্ডাতে চটফটাই থাকি মৃত্যু হল এজন ৰোগীৰ। চিকিৎসালয়খনত কিছুদিন পূৰ্বৰে পৰা স্বাস্থ্য বিভাগে জৰুৰী কালীন সেৱা বন্ধ কৰি দিয়াৰ ফলতে বুধবাৰে সোমবৰ বড়ো নামৰ ৫৭ বছৰীয়া এগৰাকী ৰোগীৰ চিকিৎসালয় খনত মৃত্যু হয়। আনহাতে চিকিৎসা বিহীন ভাৱে ৰোগীৰ মৃত্যু হোৱাত ক্ষুব্ধ ৰাইজে চিকিৎসালয় খনতে মৃতদেহ আগত লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

ৰাইজে হিমন্ত বিশ্ব শৰ্মা হায় হায়, স্বাস্থ্য মন্ত্ৰী মূর্দাবাদ, অসম চৰকাৰ হায় হায়, লৈমশ্ৰও দৈমাৰী মূর্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে চিকিৎসালয় চৌহদ। উত্তৰ অসমৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ চিকিৎসাৰ আশা ভৰসাৰ থলী এই চিকিৎসালয়খনৰ প্ৰতি স্বাস্থ্য বিভাগৰ চূড়ান্ত দায়িত্বহীতাৰ বাবে ৰাইজে জীয়াটু ভোগ কৰিবলগীয়া হৈছে।