ওৰাঙত কেওট জাতীয় পৰিষদৰ সভা,কেওট সকলক অনুসূচিত জাতিৰ মৰ্যদা প্ৰদানৰ দাবী…

ওৰাঙত কেওট জাতীয় পৰিষদৰ সভা,কেওট সকলক অনুসূচিত জাতিৰ মৰ্যদা প্ৰদানৰ দাবী…

author-image
asomiyapratidin
New Update
ওৰাঙত কেওট জাতীয় পৰিষদৰ সভা,কেওট সকলক অনুসূচিত জাতিৰ মৰ্যদা প্ৰদানৰ দাবী…

ডিজিটেল সংবাদ,ওৰাং : অসমৰ কেওট সকলৰ শক্তিশালী জাতীয় সংগঠন সদৌ অসম কেওট জাতীয় পৰিষদৰ অন্তৰ্গত ওৰাং আঞ্চলিক সমিতি গঠনখন উদ্দেশ্যৰে পাউৰীপোটা হাইস্কুলত এখন সাধাৰণ সভা অনুষ্ঠিত হয় ।

Advertisment

শিৱৰাম ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত সদৌ অসম কেওট জাতীয় পৰিষদৰ সম্পাদক তথা অসম চৰকাৰে গঠন কৰি দিয়া কেওট উন্নয়ন পৰিষদৰ সদস্য দিলীপ বৰা, ওদালগুৰি জিলা কেওট জাতীয় পৰিষদৰ সভাপতি যাদৱ ডেকাই অংশ গ্ৰহণ কৰি কেওট সকলক অনুসূচিত জাতিৰ মৰ্যদা দিবলৈ চৰকাৰক আহ্বান জনায়। সভাত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰীয় বটা প্ৰাপ্ত প্ৰাক্তন শিক্ষক কৃষ্ণ কান্ত বৰাই কেওট সকলক ঐক্যবদ্ধ হ'বলৈ আহ্বান কৰে।

ইয়াৰ পিছতে কৃষ্ণ কান্ত বড়া,ভৱেন চহৰীয়া, মঠুৰ চন্দ্ৰ পাঠক ,লক্ষণ চন্দ্ৰ কেওটক উপদেষ্টা , ভৱেন হাজৰিকাক সভাপতি ,শৰৎ ডেকাক কাৰ্য্যকৰী সভাপতি, গনেশ্বৰ ডেকা ,হৰেণ বড়া,দ্বীপেন বড়াক উপ-সভাপতি বিশ্বজিৎ কেওটক সাধাৰণ সম্পাদক , মিন্টু চহৰীয়াক সহকাৰী সম্পাদক, শোভা ডেকাক সাংগঠনিক সম্পাদক, বিপিন ডেকাক বিত্তীয় সম্পাদক, বৰষা ডেকাক সাংস্কৃতিক সম্পাদকক হিচাপে লৈ ৪১ জনীয়া ওৰাং আঞ্চলিক সমিতিখন গঠন কৰা হয়।