/asomiyapratidin/media/media_files/2024/12/07/ykSn9trQAwEXTMRNmMkU.jpg)
ডিজিটেল ডেস্কঃ দেশৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব' 'কৌন বনেগা কৌৰৰপতি'ত অসম সন্তান ৰিয়ান পৰাগক লৈ সোধা হল এটা বিশেষ প্ৰশ্ন। ৬ডিচেম্বৰ, ২০২৪ত প্ৰচাৰ হোৱা শ্ব'টোৰ খণ্ডটোত ৰিয়ানক লৈ বিগ বি অমিতাভ বচ্চনে সুধিলে এই বিশেষ প্ৰশ্নটো।
/asomiyapratidin/media/media_files/2024/12/07/Qc2CLy3IOSzb3v184Hiz.jpg)
অমিতাভ বচ্চনে ৰিয়ানক লৈ সোধা প্ৰশ্নটো আছিল- বিহু নৃত্যক লৈও জনপ্ৰিয় ৰিয়ান পৰাগে কোনখন ৰাজ্যৰ পৰা ঘৰুৱা ক্ৰিকেটত খেলে? জনপ্ৰিয় অনুষ্ঠানটোত ৰিয়ানক লৈ সোধা এই প্ৰশ্নৰ পাছতে অসমৰ নেটিজেনসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া দেখা যায়।
/asomiyapratidin/media/media_files/2024/12/07/SsDPOjQpIevPCg380evM.jpg)
উল্লেখ কৰা প্ৰয়োজন যে, বৰ্তমান ৰিয়ানে ঘৰুৱা ক্ৰিকেটত অসমৰ হৈ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) ৰাজস্থান ৰয়েলছৰ হৈ খেলে। তেওঁ ২০১৮ চনৰ অনুৰ্ধ-১৯ ক্ৰিকেট বিশ্বকাপ জয় কৰা ভাৰতীয় অনুৰ্ধ-১৯ দলৰ অংশ আছিল। ৰিয়ান পৰাগ ভাৰতীয় ক্ৰিকেট দলৰ পোন্ধৰজনীয়া তালিকাত স্থান লাভ কৰা অসম আৰু উত্তৰ-পূবৰ প্ৰথমগৰাকী পুৰুষ ক্ৰিকেটাৰ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us