
ডিজিটেল সংবাদ বোকাখাতঃ সোমবাৰে কাজিৰঙাৰ ১নং শিলডুবি গাঁৱত উদ্ধাৰ হয় এজনী মৃত দল-হৰিণা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে সোমবাৰে স্থানীয় লোকৰ খবৰৰ ভিত্তিত পুৱা উদ্ধাৰ কৰা হয় মৃত দল-হৰিণাজনী।
বানপানীৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নিশা নিৰাপদ আশ্ৰয়স্থলৰ সন্ধানত ওলাই অহা দল-হৰিণাজনী কোনো লোকৰ চোকা শেল জাতীয় অস্ত্ৰৰ আঘাটত মৃত্যু হোৱা বুলি বন বিভাগৰ তথ্যত প্ৰকাশ পাইছে।