/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/KAZIRONGA-1.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত আৰু অধিক শিথিল হ'ব কোৰোনাৰ প্ৰ'টকল। ১ অক্টোবৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নাথাকিব কোভিড প্ৰ'টকল। সকলো স্বাভাৱিক হ'ব ৰাষ্ট্ৰীয় উদ্যানখনত। ১ অক্টোবৰৰ পৰা উদ্যানখন পৰ্যটকৰ বাবে পুনৰ মুকলি হ'ব। সেই অনুসৰি পৰ্যটকৰ সুবিধা অনুসৰি হোটেল, ল'জসমূহ খুলিব পাৰিব। কেৱল সকলোৱে ল'ব লাগিব কোভিড ভেকচিন।
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে মন্তব্য কৰিছে। বোকাখাতত প্ৰথমবাৰৰ বাবে ২৪৭৯ টা গঁড়ৰ খৰ্গ দাহন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি এই বিষয়ে মন্তব্য কৰিছে। তেওঁ কয়, কাজিৰঙাত কেৱল মাত্ৰ এটাই কোভিড প্ৰ'টকল থাকিব সেয়া হৈছে কোভিড ভেকচিন।
কাজিৰঙাৰ দাঁতি কাষৰীয়া হোটেল, ল'জ সমূহত যিসকল পৰ্যটক আহিব তেওঁলোকে ভেকচিন লৈছেনে নাই সেই বিষয়ে হোটেল বা ল'জ কৰ্তৃপক্ষই সুধিব লাগিব আৰু কোনো পৰ্যটকে যদি ভেকচিন গ্ৰহণ নকৰে তেনে দাঁতি কাষৰীয়া হাস্পতালত কোভিড ভেকচিন গ্ৰহণৰ বাবে ব্যৱস্থা কৰি দিব লাগিব।
উল্লেখ্য যে কোভিডৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে ৰাজ্যৰ পৰ্যটন উদ্যোগ। যাৰ বাবে পৰ্যটন উদ্যোগৰ সৈতে জড়িত লোকসকলৰ অৱস্থা অতি পুতৌজনক হৈ উঠিছে। বিগত দিনবোৰত ৰাজ্য চৰকাৰক পৰ্যটন ক্ষেত্ৰখন মুকলি কৰি দিবলৈ দাবী উত্থাপন হৈ আছিল।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, ৰাজ্যখনলৈ যাতে স্বাভাৱিক জীৱন যাত্ৰা ঘূৰি আহে তাৰ বাবে চৰকাৰে কাম কৰিব খুজিছে।আৰু এই স্বাভাৱিক জীৱন যাত্ৰা ঘূৰি অহাৰ ক্ষেত্ৰত ডাঙৰ অস্ত্ৰ হৈছে ভেকচিন। সেয়েহে তেওঁ সকলোকে ভেকচিন গ্ৰহণৰ বাবে আহ্বান জনাইছে।
আনহাতে ১ অক্টোবৰৰ পৰা নৱম আৰু একাদশ শ্ৰেণীৰ অফলাইন পাঠদান আৰম্ভ কৰাৰ বিষয়েও ৰাজ্য চৰকাৰে চিন্তা কৰিছে বুলি উল্লেখ কৰিছে। সকলো ঠিকেই থাকিলে ১ অক্টোবৰৰ পৰা নৱম আৰু একাদশ শ্ৰেণীৰ অফলাইন পাঠদান আৰম্ভ হ'ব।