/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/kazironga-2.jpg)
ডিজিটেল ডেস্কঃ কাজিৰঙাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। আৰক্ষীৰ পৰা ৰক্ষা পাবলৈ এজন যুৱক সোমাল শৌচাগাৰৰ টেংকিত। উল্লেখ্য যে কৃষ্ণ ঘোষ নামৰ এজন যুৱকে কাজিৰঙাৰ দীপংকৰ ৰহমান নামৰ এজন যুৱকক এচিডেৰে আক্ৰমণ কৰিছিল। এই ঘটনাৰ পিছতে আত্মগোপন কৰিছিল কৃষ্ণ ঘোষ নামৰ যুৱকজনে।
আৰক্ষীয়ে কৃষ্ণ ঘোষক বিচাৰি অভিযান চলোৱাৰ মাজতে কৃষ্ণই নৱ নৰ্মিত এটা শৌচাগাৰৰ টেংকিত ২৪ ঘণ্টা ধৰি সোমাই থাকিল। ইয়াৰ পিছতেই আৰক্ষীয়ে কৃষ্ণক শৌচাগাৰৰ টেংকিৰ পৰা উদ্ধাৰ কৰি আটক কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us