Advertisment

কাজিৰঙাত অঘটন: তীব্ৰ বেগী বাহনে খুন্দিয়ালে গঁড়…

কাজিৰঙাত অঘটন: তীব্ৰ বেগী বাহনে খুন্দিয়ালে গঁড়…

author-image
asomiyapratidin
New Update
কাজিৰঙাত অঘটন: তীব্ৰ বেগী বাহনে খুন্দিয়ালে গঁড়…

ডিজিটেল সংবাদ, বোকাখাতঃ বৃহস্পতিবাৰে বিয়লি কাজিৰঙাত তীব্ৰ বেগী বাহনৰ খুন্দাত আহত হয় এজনী গঁড়। কাজিৰঙাৰ হালধিবাৰীত গঁড়জনীয়ে ৩৭ নং ৰাষ্ট্ৰীয় উদ্যান অতিক্ৰম কৰিবলৈ চেষ্টা কৰোঁতেই সংঘটিত হয় ঘটনাটো। জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ পৰা ওলাই অহা গঁড়জনীক এ এছ ১২ বি চি ৮৯৬৪ নম্বৰৰ এখন টা টা ডি আই গাড়ীয়ে খুন্দা মৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে আঘাটপ্ৰাপ্ত হৈ ঢলি পৰে গঁড় জনী। পৰৱৰ্তী সময়ত অৱশ্যে গঁড়জনীয়ে কাষৰ বনাঞ্চলত আশ্ৰয় লয়। বৰ্তমান বন বিভাগে নিৰীক্ষণত ৰাখিছে গঁড়জনীক।

Advertisment

ঘটনাটো সংঘটিত হয় কঁহৰা বনাঞ্চলৰ হালধিবাৰী এনিমেল কৰিডৰত। শেহতীয়াকৈ কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথচোৱা বন বিভাগ আৰু পৰিবহণ বিভাগৰ তীক্ষ্ণ নিৰীক্ষণত থকাৰ পাছতো উদ্যানৰ পৰা ওলাই অহা গঁড়জনীক এখন বাহনে খুন্দিওৱাৰ ঘটনাত আচৰ্য প্ৰকাশ কৰিছে সচেতন মহলে। উল্লেখযোগ্য যে, স্পীড লিমিতৰ ফলক লগোৱাৰ উপৰিও উক্ত স্থানত সংযুক্ত কৰা আছিল বন বিভাগৰ উচ্চ ক্ষমতা সম্পন্ন অত্যাধুনিক কেমেৰা। গঁড় জনীক খুন্দিওৱা বাহন খনক ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে।