
ডিজিটেল ডেস্কঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বিভিন্ন প্ৰান্ত বানৰ কৱলত পৰিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক প্ৰেছ বিবৃতি জাৰি কৰিছে। এই বিবৃতি মতে, কাজিৰঙাত বান পৰিস্থিতি সামান্য নোহোৱালৈকে গধুৰ বাহনসমূহৰ চলাচলৰ সন্দৰ্ভত কিছু বিশেষ নিৰ্দেশ দিয়া হৈছে। ইয়াতে অন্তৰ্ভুক্ত কৰা হৈছে ধুৰ ওজনৰ বয়বস্তু কঢ়িওৱা বাহনসমূহ। তলত কোন পথেৰে বাহন সমূহ যাব পাৰিব সেই বিষয়ে উল্লেখ কৰা হৈছে-
১. উজনি অসমৰ পৰা যাব লগা বাহনঃ ডিব্ৰুগড়ৰ পৰা বগীবিল দলং হৈ উত্তৰ অসমলৈ আৰু তাৰপাছত নামনি অসমলৈ যাব লাগিব।
২. নামনি অসমৰ পৰা যাব লগা বাহনঃ
(ক) শৰাইঘাট দলঙেৰে বাইহাটালৈ, তাৰপাছত বগীবিল দলঙেৰে উজনি অসমলৈ যাব লাগিব।
(খ) ৰঙীয়াৰ পৰা বাইহাটালৈ তাৰপাছত বগীবিল দলঙেৰে উজনি অসমলৈ যাব লাগিব।
৩. যিসমূহ বাহন উজনি অসমলৈ গুৱাহাটী হৈ যাবঃ প্রথমে গুৱাহাটী পাৰ হ'ব লাগিব কলিয়াভুমুৰা দলং হৈ, তাৰপাছত উত্তৰ অসমৰ পৰা বগীবিল হৈ উজনি অসমলৈ যাব লাগিব।