Advertisment

কাজিৰঙাত পৰ্যটকৰ অভিলেখঃ পৰ্যটন ক্ষেত্ৰখনৰ লগত জড়িতসকলৰ মুখত হাঁহি…

কাজিৰঙাত পৰ্যটকৰ অভিলেখঃ পৰ্যটন ক্ষেত্ৰখনৰ লগত জড়িতসকলৰ মুখত হাঁহি…

author-image
asomiyapratidin
New Update
কাজিৰঙাত পৰ্যটকৰ অভিলেখঃ পৰ্যটন ক্ষেত্ৰখনৰ লগত জড়িতসকলৰ মুখত হাঁহি…

ডিজিটেল ডেস্কঃ কোৰোনা সৃষ্ট পৰিৱশেৰ বাবে হঠাৎ স্তব্ধ হৈ পৰিছিল সমগ্ৰ বিশ্বৰ লগতে অসমৰো পৰ্যটন ক্ষেত্ৰ। দীৰ্ঘদিন ধৰি কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে সম্পূৰ্ণ ৰূপে বন্ধ হৈ আছিল পৰ্যটন ক্ষেত্ৰসমূহ। এন পৰিৱেশত এই উদ্যোগটোৰ লগত জড়িত হৈ থকা লোকসকলৰ জীৱনলৈ নামি আহিছিল চৰম দুৰ্যোগ।

Advertisment

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলটোৰ লোকসকল মুখ্যত পৰ্যটনক কেন্দ্ৰ কৰিয়েই নিজৰ জীৱন-জীৱিকাৰ ব্যৱস্থা কৰি আহিছিল। কোৰোনাৰ বাবে ঘোষণা কৰা দীৰ্ঘদিনীয়া লকডাউন আৰু পৰৱৰ্তী সময়ত কোৰোনা সংক্ৰমণ ৰোধৰ বাবে পৰ্যটন ক্ষেত্ৰ বন্ধ হৈ থকাৰ বাবে তেওঁলোকৰ জীৱনৰ প্ৰতিয়েই নামি আহিছিল ভাবুকি।

কিন্তু শেহতীয়াকৈ এই লোকসকলৰ মুখলৈ ঘূৰি আহিছে পূৰ্বৰ হাঁহি। কিয়নো পৰ্যটন ক্ষেত্ৰসমূহ পুনৰ খুলি দিয়াৰ বাবে এতিয়া কাজিৰঙালৈ সোঁত বৈছে হাজাৰ হাজাৰ দৰ্শনাথিৰ। ফলশ্ৰুতিত এই কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰৰ লগত বিভিন্ন ধৰণে জড়িত হৈ থকা লোকসকলৰ জীৱিকাৰ পথ পুনৰ মুকলি হৈছে।

ৰেকৰ্ড সৃষ্টি কৰি কাজিৰঙাত ভিৰ কৰিছেহি পৰ্যটকে। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি পৰ্যটকৰ সোঁত বৈছে কাজিৰঙালৈ ৷পৰ্যটকৰ আগমনত উদুলি মুদুলি বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কোভিদসৃষ্ট পৰিৱেশৰ পাছত প্ৰাণ পাই উঠা কাজিৰঙাত এতিয়া পৰ্যটকৰ ভিৰ৷ ইতিমধ্যে কাজিৰঙাত ভীৰ বাঢ়িছে অসমৰ লগতে বহি ৰাজ্যৰ পৰ্যটকৰ৷

জীপ ছাফাৰী হাতী ছাফাৰী নাও ছাফাৰীৰে কাজিৰঙাৰ মনোমোহা সৌন্দৰ্য্য উপভোগ কৰিছে পৰ্যটকে। ইয়াৰ সমান্তৰালকৈ কাজিৰঙা পৰ্যটনত জড়িত জীপ ছাফাৰী সন্থাৰ প্ৰায় ৩০০ খন জীপছিৰ চালকৰ মুখত এতিয়া হাঁহি বিৰিঙিছে ৷ উল্লেখ্য যে কৰোনাই কোঙা কৰি যোৱাৰ পাছত এতিয়া ক্ৰমে ঠন ধৰি উঠিছে ৰাজ্যৰ পৰ্যটনস্থলীসমূহৰ লগতে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷