/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/main-face-52de-9a07-4e17-bfa9-c095d3c46356.jpg)
জিজিটেল সংবাদ, কাজিৰঙাঃ বিগত কেইদিনমানৰ হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ বিভিন্ন এলেকা বাঢ়নী পানীত বুৰ গৈছে৷ উদ্যানৰ উত্তৰ দিশত থকা ব্ৰহ্মপুত্ৰ নদী সংযোগী নলায়েদি বাঢ়নী পানী প্ৰৱেশ কৰাত উদ্যানৰ অন্তৰ্ভাগৰ কহঁৰা, বাগৰি, বুঢ়াপাহাৰ বনাঞ্চলৰ ৩২ টাকৈ বনশিবিৰ এলেকা ইতিমধ্যেই বুৰ গৈছে৷
ইপিনে, পানী ক্ৰমাৎ বৃদ্ধি পাই অহাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যানৰ দক্ষিণ দিশেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কাজিৰঙাৰ পৰা কলিয়াবৰলৈ দুয়োটা মহকুমাৰ প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি যান-বাহনৰ গতিবেগ ঘণ্টাত ৪০ কিঃ মিঃ নিৰ্ধাৰণ কৰিছে৷ কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগে কয় যে- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত পানী বৃদ্ধি পোৱাত সৰু সৰু বন্যজন্তু উদ্যানৰ পৰা ওলাই কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে৷ যাৰ বাবেই কাৰ্বি পাহাৰলৈ যোৱাৰ সময়ত যাতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী যান-বাহনৰ খুন্দাত বন্যপ্ৰাণীৰ প্ৰাণহানি নহয়, তাৰ বাবেই ১৪৪ ধাৰা জাৰি কৰা হৈছে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/8edf97b3-5767-48ce-8782-1882ce282728.jpg)
এই নিয়ম উলংঘা কৰিলে যান-বাহনৰ গৰাকীয়ে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলিও কয়৷ তদুপৰি, এই এলেকাত গধুৰ যান-বাহন ৰখোৱা, অকৰ্তৃত্বশীল ভাৱে অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই ফুৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ বন্যজন্তুৰ যাতে কোনো হানি নহয়, তাৰ বাবে পূৰ্বৰ দৰেই ৰাইজৰ সহায় বিচাৰিছে মহকুমাধিপতি গৰাকীয়ে৷ ইপিনে, বনবিভাগৰ তৰফৰ পৰা কাজিৰঙাৰ বন্যজন্তু কাৰ্বি পাহাৰলৈ পাৰ হোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এলেকাত বেৰিকেডৰ ব্যৱস্থা কৰিছে৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে কয় যে- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত যিহেতু বিগত বৰ্ষত ৩৩টাকৈ মথাউৰি নিৰ্মাণ কৰা হৈছে, সেয়ে বন্যজন্তু উদ্যানৰ বাহিৰ হোৱাৰ সম্ভাৱনা নিচেই কম৷ তৎস্বত্বেও বনকৰ্মীসকলক সষ্টম কৰি বন্যপ্ৰাণী সুৰক্ষাত গুৰুত্ব প্ৰদান কৰা হৈছে৷ উদ্যানৰ অন্তৰ্ভাগত কাজিৰঙাৰ বনকৰ্মীসকলে হাত নাও আৰু মেচিন নাৱেৰে কৰ্তব্য সম্পাদন কৰি আছে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/f00852de-9a07-4e17-bfa9-c095d3c46356-1.jpg)
সাম্ভাৱ্য বানৰ সময়ত কাজিৰঙাৰ বনকৰ্মীসকলক সহায় কৰিবলৈ অতিৰিক্ত বনৰক্ষী অনা হৈছে বুলিও জনাইছে সঞ্চালক শিৱকুমাৰে৷ তেখেতে কয়, বানৰ সুযোগ গ্ৰহণ কৰি সাজু হ'ব খোজা চোৰাংচিকাৰীক প্ৰতিহত কৰিবলৈ আৰক্ষী বাহিনীৰ সহযোগত বনবিভাগে সম্পূৰ্ণ সাজু হৈ আছে৷ উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বন বিষয়া প্ৰদীপ গোস্বামীয়ে কয় যে উদ্যানৰ পৰা কিছু বন্যহস্তী বুঢ়াপাহাৰ এলেকায়েদি যোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজপথত বনৰক্ষী মোতায়েন কৰিছে৷
তদুপৰি, বন্যজন্তুৰ স্বাৰ্থত সন্দেহজনক লোক দেখা মাত্ৰকে কাজিৰঙাৰ বনবিভাগৰ লগতে আৰক্ষী প্ৰশাসনক খবৰ দিবলৈ ৰাইজক অনুৰোধ জনাইছে৷ ইপিনে, ফেনে-ফুটুকাৰে বাঢ়ি অহা বাঢ়নী পানীয়ে কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ কাষৰীয়া ধোবাআটি, ১নং বেলগুৰি, ২নং বেলগুৰি, ধনশিৰিমুখ, অগৰাতলি আদিকে ধৰি দহখন মান গাঁও এলেকা বুৰাই পেলাইছে৷
অঞ্চলটোৰ ৰাইজে কেঁচাতে ধান কাটি আনিবলগীয়া হৈছে৷ বছৰটোৰ প্ৰথমটো বানে বোকাখাতৰ বিস্তীৰ্ণ কৃষিভূমি অঞ্চল জলমগ্ন কৰাৰ লগতে বসতি প্ৰধান অঞ্চললৈকো ভাবুকিৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় জল আয়োগৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, ডিব্ৰুগড় জলপৃষ্ঠ নিম্নগামী হ'লেও নিমাতীঘাটত পানী বাঢ়ি আছে৷ পুৱাৰে পৰাই নিমাতীঘাটত জলপৃষ্ঠ ০.৩১ মিটাৰ বৃদ্ধি পাইছে আৰু পানী বাঢ়ি আছে৷ নিমাতীঘাটৰ জলপৃষ্ঠ নিশালৈ আৰু ০.২৮ মিটাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ ফলত, বোকাখাতৰ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাব৷ বৃহস্পতিবাৰে দিনৰ ভাগত ধনশিৰিমুখত জলপৃষ্ঠ ০.০৭ মিটাৰ বৃদ্ধি পাইছে৷ নিশালৈ জলপৃষ্ঠ আৰু ০.১০ মিটাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ সম্প্ৰতি বোকাখাতৰ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ০.৬০ মিটাৰ ওপৰেদি বৈ আছে৷
ইফালে, গোলাঘাট আৰু নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠ নিম্নগামী হৈছে আৰু এই গতিৰে অহা ১২ ঘণ্টাত অধিক নিম্নগামী হোৱাৰ সম্ভাৱনা আছিল যদিও গোলাঘাটকে ধৰি মধ্য আৰু উজনি অসমৰ কেইবাখনো জিলাত বৃহস্পতিবাৰে দিনটোত হোৱা নেৰানেপেৰা বৰষুণ জাকলৈ চাই ধনশিৰি নদীৰ জলপৃষ্ঠ পুনৰ বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। যাৰ বাবেই নৈপৰীয়া ৰাইজ শংকিত হৈ পৰিছে৷ ওখ ঠাইলৈ পোহনীয়া গৰু-ছাগলী-গাহৰি লৈ ঢাপলি মেলিছে ৰাইজে৷ ৰাইজৰ এই দুৰ্গতিৰ সময়তো বোকাখাত মহকুমা প্ৰশাসন অথবা জনপ্ৰতিনিধি সকলে উক্ত বানপানীত পীড়িত ৰাইজৰ ওচৰত উপস্থিত নোহোৱাত ৰাইজে ক্ষোভ উজাৰিছে৷