/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/akash-banti.jpg)
ডিজিটেল সংবাদ আউনীআটীঃ "ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি মানব জাতিক পুৰুষে পুৰুষে উদ্ধাৰৰ কামনাৰে শ্ৰীশ্ৰী আউনীআটী সত্ৰয়ো ৩৬৮ বছৰ ধৰি একৈশজোৰা আকাশ বন্তি প্ৰজ্বলন কৰি আহিছো। আকাশ বন্তিৰ পোহৰে মানবজাতিৰ মাজত জ্যোতিৰ আভা বিয়পাই মাৰি-মৰক, দুৰ্ভিক্ষ, অসূয়া- অপ্ৰীতি দূৰ কৰি শান্তি সমৃদ্ধিৰ এখন সমাজ প্ৰতিষ্ঠাৰ বাবে গোবিন্দ মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছো।" মাজুলীৰ শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়ে সোমবাৰে সন্ধ্যা সত্ৰৰ চৌহদত ২১ জোৰা আকাশবন্তিৰ মূলগছি প্ৰজ্বলন কৰি এইদৰে কয়।
কাতি বিহু উপলক্ষে মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰীআউনীআটী সত্ৰত ২১ জোৰা আকাশ-বন্তি প্ৰজ্বলন কৰি মাজুলীৰ আকাশ-বতাহ উজ্বলাই তোলে সাতামপুৰুষীয়া সংস্কৃতিৰে। ৩৬৮ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ কামনাৰে সত্ৰাধিকাৰ-বৈষ্ণৱ সকলে তুলসী ৰোপন, আকাশ বন্তি প্ৰজ্বলন কৰি কৃষক ৰাইজৰ শ্ৰীবৃদ্ধি কামনা কৰে।
ঐতিহাসিক এই পৰম্পৰা ৰক্ষা তথা আয়োজনত ব্যস্ত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে কয় কৰুণা মহামাৰীয়ে যিদৰে মানব জাতিক ভীতিগ্ৰস্ত কৰি তুলিছে ইয়াৰ মাজতো সচেতনতাৰে আমাৰ পৰম্পৰা, ঐতিহ্য আদিসমূহক ৰক্ষা কৰিব লাগিব। সত্ৰখনিত সোমবাৰে পুৱা নাম প্ৰসংগৰ পিছত দুপৰীয়া সত্ৰৰ বৈষ্ণব শিল্পীসকলে নামঘৰত হিয়ানাম, দিহানাম, গায়ন-বায়ন, নটুৱা, ওজাপালি পৰিবেশন কৰে।
বিয়লি সত্ৰৰ চৌহদৰ নামঘৰৰ সমীপত বিশেষ কৌশলেৰে বাঁহেৰে সজা ফ্ৰেমত মাটিৰ পৰা প্ৰায় ১৫/২০ ফুট উচ্ছতাত সংস্থাপন কৰা ২১ জোৰা আকাশ বন্তিক কেন্দ্র কৰি সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামী, ডেকাধিকাৰ দেৱানন্দ দেৱগোস্বামীসহ সত্ৰৰ মূল বিষয়ববীয়াৰ লগতে সমূহ বৈষ্ণবে এই অনুষ্ঠানত ডবা-শংখ, খোল-তালৰ ধব্বনিৰ তালে তালে সংকীৰ্তন গাই গাই আকাশ বন্তি প্ৰদক্ষিণ কৰে।
সমান্তৰাল ভাবে বৰপুজাৰীয়ে সালেগ্ৰাম সহ তুলসী পূজা সম্পন্ন কৰাৰ পিছতেই মূল বন্তিগছি সত্ৰাধিকাৰে প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ডেকাধিকাৰ, বিষয়ববীয়া আৰু জেষ্ঠ্য বৈষ্ণব সকলে বাকীসমূহ বন্তি প্ৰজ্বলন কৰে। সত্ৰৰ বৰভঁৰালৰ মিঠাতেলেৰে সমগ্ৰ কাতিমাহটো জ্বলিব লগা এই ২১ যোৰা বন্তিৰ জ্যোতিয়ে মাৰি-মৰক, শস্যৰ অপকাৰী কীট-পতংগ দূৰ কৰাৰ লগতে উৎপাদন বৃদ্ধি আৰু সমাজত ভাতৃত্ব বোধ স্থাপন হোৱাৰ কামনাৰে প্রার্থনা কৰে।