আজি কাতি বিহু

আজি কাতি বিহু

author-image
asomiyapratidin
New Update
আজি কাতি বিহু

ডিজিটেল ডেস্কঃ আজি কাতি বিহু। কাতি বিহু পালনৰ বাবে প্ৰস্তুত ৰাজ্যবাসী। প্ৰাচীন কালৰে পৰা আহিন মাহৰ শেষৰ দিনটো অসমীয়া সমাজে আলোকৰ উৎসৱ হিচাপে পালন কৰি আহিছে। অন্য বৰ্ষসমূহৰ দৰেই এইবাৰো প্ৰতিজন অসমীয়াই চোতালত তুলসী পুলি ৰুই চাকি-বন্তি জ্বলাই ঈশ্বৰৰ ওচৰত জনাব প্রার্থনা।

Advertisment

তুলসী পুলি ৰুই চাকি-বন্তি জ্বলোৱাৰ পৰা পিঠা-পনা বনোৱালৈকে ৰাজ্যৰ চৌদিশে এক ব্যস্তত্বপূৰ্ণ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। সত্ৰনগৰী মাজুলিতো কাতি বিহুৰ বাবে ব্যস্ততাপূৰ্ণ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মাজুলীত আউনীআতি সত্ৰত কাতি বিহুৰ দিনা জ্বলোৱা হয় আকাশৱন্তী। বৃহস্পতিবাৰে ১১ যোৰা আকাশ বন্তিৰে জিলিকিব বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী।

কাতি বিহুৰ দিনা সেউজীয়া ধাননি ডৰাত চাকি জ্বলাই শস্যৰ বৃদ্ধিৰ বাবে লক্ষ্মী দেৱীক প্ৰাৰ্থনা জনায়। ভোগ বিলাস অবিহনে প্ৰতিজন অসমীয়াই পালন কৰিব কঙালী বিহু। অসমীয়া ৰাইজে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত পালন কৰি আহিছে এই বিহু।

কাতি বিহুৰ সময়তে সৰহ সংখ্যক খেতিয়কৰ ভঁৰাল উদং হয়। কাতি বিহুৰ সময়তে অভাৱ–অনাটনে কৃষক ৰাইজক আৱৰি ৰাখে। তথাপিও কঙালীৰ মাজতো পৌৰাণিক কালৰে পৰা কৃষিজীৱী সাধাৰণ ৰাইজে শস্যৰ মংগলৰ অৰ্থে ভগৱানক প্ৰাৰ্থনা কৰিব।