কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী

কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ  এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী

ডিজিটেল সেৱা, কঠীয়াতলী :- মঙলবাৰে কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভাখন অনুষ্ঠিত হৈ যায়। সভাত সভাপতিত্ব কৰে খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰমেন বেজবৰুৱাই। উদ্দেশ্য ব্যাখ্যা কৰে খণ্ড আঁচনি মেনেজাৰ প্ৰাণদীপ নাথে।

পৰিচালনা সমিতিৰ সদস্য ঘনকান্ত বৰাই বৰ্তমান চিকিৎসালয়ৰ পৰিৱেশ বহু উন্নত হোৱাৰ বাবে কতৃপক্ষক ধন্যবাদ জনায়। সভাত উপস্থিত থাকে কামপুৰ ৰাজহ চক্ৰৰ বিষয়া অন্যন্যা লহকৰ, এন জি অৰ নৱনীতা দাস, চুপাৰভাইজাৰ জয়া প্ৰভা দাস, গাননিক কৃষ্ণকুমাৰ সাহানি লগতে স্বাস্থ্য কৰ্মী সকলক শিশুক ভেকচিন প্ৰয়োগ কৰা সন্দৰ্ভত এক প্ৰশিক্ষণৰো আয়োজন কৰে।

প্ৰশিক্ষক হিচাপে উপস্থিত থাকে জিলা প্ৰচাৰ আৰু সম্প্ৰসাৰণ বিষয়া উদয়চন্দ্ৰ ডেকা, প্ৰশিক্ষণ উদ্বোধন কৰে মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰমেন বেজবৰুৱাই, প্ৰশিক্ষণৰ আঁত ধৰে খণ্ড আঁচনি মেনেজাৰ প্ৰাণদীপ নাথে।

Also Read: চিকিৎসালয়ৰ সন্মুখত ইজৰাইলী টেংকাৰ: চিকিৎসা, খাদ্যৰ অভাৱত মৃত্যু মুখত পৰিছে বহু ৰোগী