ডিজিটেল সংবাদ, কঠিয়াতলীঃ পুনৰ ভুলুণ্ঠিত মানৱতা। এইবাৰ দৃষ্টিহীন পুত্ৰ, বোৱাৰী আৰু নাতিক ঘৰৰ পৰা উলিয়াই দিলে খোদ পিতৃয়ে। ঘটনাতো সংঘটিত হৈছে নগাঁৱৰ কঠিয়াতলী ৰেংবেঙত। জানিব পৰা মতে দৃষ্টিহীন পুত্ৰ-বোৱাৰীৰ লগত সৰু সৰু কথাতে কাজিয়া কৰি সোমবাৰে নিশা পিতৃ ৰামকৃষ্ণ দাসে নিজৰে দৃষ্টিহীন পুত্ৰ-বোৱাৰীক ঘৰৰ পৰা খেদি দিয়ে।
পিতৃৰ অত্যাচাৰৰ পাছত উপায়ন্তৰ হৈ ঘৰৰ পৰা গুচি যায় পুত্ৰ-বোৱাৰী। নিশা নগাঁও সদৰ থানাৰ সমীপৰ এখন জিৰণি চালিত আশ্ৰয় লৈ থকা অৱস্থাত সদৰ আৰক্ষীয়ে উদ্ধাৰ কৰি তেওঁলোকক মঙলবাৰে বিয়লি কঠিয়াতলী আৰক্ষীক চমজাই দিয়ে।বৰ্তমান কঠিয়াতলী আৰক্ষীৰ আশ্ৰয়ত আছে দৃষ্টিহীন দম্পতীহাল।