/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/karuna-kanta-kalita-award.jpg)
ডিজিটেল ডেস্ক : মানৱ কল্যাণত অহোৰাত্ৰ হৈ থকা কৰুণাকান্ত কলিতা স্মৃতি ন্যাসে ঘোষণা কৰিছে "কৰুণাকান্ত কলিতা বঁটা ২০২১" আৰু কৰুণাকান্ত কলিতা সেৱক বটাঁ। উল্লেখযোগ্য যে প্ৰতি দূবছৰৰ অন্তৰে অন্তৰে এই বটাঁ আনুষ্ঠানিকভাৱে প্ৰদান কৰি অহা হৈছে।শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন পদাধিকাৰ কৰুণাকান্ত কলিতা বাপৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে প্ৰতি দুবছৰৰ মূৰে মূৰে প্ৰদান কৰি অহা হৈছে কৰুণাকান্ত কলিতা বঁটা।
অসমৰ সকলো কালৰ মহত্বম পুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আদৰ্শত সুপ্ৰতিষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন পদাধিকাৰ কৰুণাকান্ত কলিতা বাপৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে ২০১৪ চনত প্ৰতিষ্ঠা লাভ কৰিছিল "কৰুণাকান্ত কলিতা স্মৃতি ন্যাস।"। এই ন্যাসে অসমৰ সমাজ, সাহিত্য আৰু সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে অনুষ্ঠান, ব্যক্তি বিশেষলৈ প্ৰতি দুবছৰৰ মূৰে মূৰে প্ৰদান কৰি আহিছে কৰুণাকান্ত কলিতা বঁটা আৰু কৰুণাকান্ত কলিতা সেৱক বটাঁ ।
এইবেলিও এই স্মৃতি ন্যাসে কৰুণাকান্ত কলিতা ওপজা দিন উপলক্ষে ঘোষণা কৰিছে এই বটাঁ। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ একান্ত সঙ্গী তথা সুদীৰ্ঘকাল গুৰুজনাৰ ধৰ্ম আদৰ্শত নিৰন্তৰ ব্ৰতী হৈ সমাজ সংগঠন আৰু প্ৰচাৰৰ ক্ষেত্ৰত নিৰবিচিন্ন ভাৱে কাম কৰি অহা সঙ্ঘৰ অক্লান্ত সেৱক মণিৰাম দাস বাপলৈ আগবঢ়োৱা হৈছে কৰুণাকান্ত কলিতা বঁটা ২০২১ ।
আনহাতে সুদীৰ্ঘ দিন ধৰি অসমৰ বিভিন্ন প্ৰান্তত জীৱন দান মহান দানৰ দৰে কৰ্মত ব্ৰতী হৈ ৰক্তদানেৰে বহু দূৰ্গতজনৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা ৰক্তদান কোষ, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘলৈ আগবঢ়োৱা হৈছে কৰুণাকান্ত কলিতা সেৱক বটাঁ । ন্যাসৰ সচিব মুনীন্দ্ৰ মহন্তই জানিবলৈ দিয়া মতে গুৱাহাটী মহানগৰীত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হব।